ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election of India)

 




ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Election of India)



     



        ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ১৮ জুলাই ২০২২ ত অনুষ্ঠিত হব । ২১ জুলাই ২০২২ ত গণনা কৰা হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ । মুঠ ৪৮৯৬ জন নিৰ্বাচকে ভোটদান কৰিব ৰাষ্ট্ৰপতি নিৰ্বাচনত । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি ৰাজনৈতিক দল সমূহে নিজৰ সদস্যসকলক হুইপ জাৰি কৰিব নোৱাৰে ।  



        



        ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন হয় 

     



        এটা জটিল প্ৰক্ৰিয়াৰে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত লোকসভাৰ পৰা ৫৪৩ জন, ৰাজ্যসভাৰ পৰা ২৩৩ জন সদস্য আৰু বিধানসভাৰ পৰা মুঠ ৪১২০ জন সদস্যৰে গঠিত। সৰ্বমুঠ ৪৮৯৬ জন নিৰ্বাচনী মহাবিদ্যালয়ৰ সদস্যই ভাগ লৈ প্ৰতিজন প্ৰাৰ্থীৰ বিপৰীতে নিজৰ পছন্দ চিহ্নিত কৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী এজনক জিতাই লয়। বেলট পেপাৰত নিজৰ পচন্দৰ কোনো চিহ্ন নথকাৰ উজুহাত দেখাই ভোট বাতিল কৰিব পৰা ব্যাবস্থা নাই আৰু নিৰ্বাচনী মহাবিদ্যালয়ৰ সদস্যসকলোৱে ও ভোট দানৰ পৰা বিৰত নাথাকে । নিৰ্বাচনী চিহ্ন বেলট পেপাৰত নাথাকে তাৰ সলনি দুটা স্তম্ভ থাকে। প্ৰথম স্তম্ভত প্ৰাৰ্থীৰ নাম আৰু দ্বিতীয় স্তম্ভত পছন্দৰ ক্ৰমিক থাকে।

 



        নিৰ্বাচন আইন ১৯৫২ অনুসৰি নিৰ্বাচন আয়োগে এক অধিসূচনা জাৰি কৰি ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ ৬০ দিনৰ পূৰ্বে বা তাৰ পিছত নিৰ্বাচন আহ্বান কৰে । বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাই ২০২২ ত সম্পূৰ্ণ হ’ব। সেয়েহে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ আগতে ১৮ জুলাই ২০২২ ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।



        ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা নিৰ্বাচন আইন ১৯৫২ অনুসৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিত্তিত ভাৰতত ১৪ জন ৰাষ্ট্ৰপতি মনোনীত হৈছে। ২১ জুলাই ২০২২ ত চুড়ান্ত ফলাফল ওলোৱা পিছত ১৫ নম্বৰ জন ৰাষ্ট্ৰপতি মনোনীত হ'ব। বেলেগ বেলেগ ৰাজ্যৰ প্ৰতিনিধিত্ব কৰা প্ৰতিনিধি সকলক এক নিয়ম পালন কৰিবলৈ নিৰ্বাচনী আয়োগে ২০২২ চনৰ নিৰ্বাচনী মহাবিদ্যালয়ৰ সদস্য (বিধায়ক) ৰ ভোটৰ মূল্য ৭০০ কৰিছে।  


 


ৰাষ্ট্ৰপতি হ'বলৈ হ'লে 


        ভাৰতীয় নাগৰিক হব লাগিব আৰু ৩৫ বছৰ বয়স পাৰ কৰিব লাগিব । 


        কেন্দ্ৰ চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ কোনো লাভজনক পদবীত থাকিব নালাগিব। 


        ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্ৰত কমেও ৫০ জন নিৰ্বাচকে প্ৰস্তাৱ দিব লাগিব আৰু কমেও ৫০ জন নিৰ্বাচকে সমৰ্থন কৰিব লাগিব । এজন নিৰ্বাচকে এটা প্ৰস্তাবক বা সমৰ্থক হিচাপে স্বাক্ষৰ কৰিব পাৰে। এটাকৈ বেছি প্ৰস্তাৱক বা সমৰ্থক হিচাপে নিৰ্বাচক এজনে মনোনয়নত স্বাক্ষৰ কৰিলে প্ৰথম খন মনোনয়নক বাদ দি বাকীবোৰ কাৰ্যকৰী কৰা নহয়।


        এজন প্ৰাৰ্থীয়ে চাৰি খনতকৈ অধিক মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিব।


        ১৫০০০ টকা মনোনয়ন পত্ৰৰ লগত জামিন হিচাপে জমা দিব লাগে।



LIST OF PRESIDENTS OF INDIA



1. Rajendra Prasad                       26 January 1950                 13 May 1962


2. Sarvepalli Radhakrishnan        13 May 1962                       13 May 1967


3. Zakir Husain                             13 May 1967                       03 May 1969


--  V. V. Giri                                   03 May 1969                       20 July 1969


--  Mohammad Hidayatullah        20 July 1969                        24 August 1969


4.  V. V. Giri                                  24 August 1969                   24 August 1974


5.  Fakhruddin Ali Ahmed            24 August 1974                   11 February 1977


--  B. D. Jatti                                 11 February 1977               25 July 1977


6.  Neelam Sanjiva Reddy            25 July 1977                        25 July 1982


7.  Zail Singh                                 25 July 1982                        25 July 1987


8.  Ramaswamy Venkataraman   25 July 1987                        25 July 1992


9.  Shankar Dayal Sharma           25 July 1992                        25 July 1997


10. K. R. Narayanan                     25 July 1997                        25 July 2002


11. A. P. J. Abdul Kalam              25 July 2002                        25 July 2007


12. Pratibha Patil                        25 July 2007                         25 July 2012


13. Pranab Mukherjee                25 July 2012                          25 July 2017


14. Ram Nath Kovind                  25 July 2017 Incumbent (Term ends on 25 July 2022)