14 June 2022

সাধাৰণ জ্ঞান General Knowledge










অসমৰ সাধাৰণ জ্ঞান General Knowledge of Assam



     অসমৰ সাধাৰণ জ্ঞান বুলি কবলৈ হ'লে অসমৰ ভাষা, সংস্কৃতি, সাজ-পোছাক, কৃষিজীৱি, ভৌগলিক অবস্থান আদি সামৰি লৈ জ্ঞান আহৰণ কৰা সহজসাধ্য নহয় যদিও এই লিখনিত কিছুমান নজনা কথাৰ লগতে কিছুমান সৰু-সৰু বিষয় উল্লেখ কৰা হৈছে। 




     ভাৰতবৰ্ষৰ উত্তৰ-পূব সীমান্ত ৰ ভিতৰত অসম ৰাজ্য অবস্থিত। "সাতভনী" শব্দটো শুনিবলৈ পাই থকা যায় যদিও উত্তৰ-পূব ত সাতভনীক গুৰুত্ব নিদিলে উত্তৰ-পূব সম্পুৰ্ণ নহব। উত্তৰ-পূবৰ ভৌগলিক সীমা নিৰ্ধাৰিণ কৰোঁতে উত্তৰ-পূবক সাতটুকুৰা বা সাতখন ৰাজ্যত ভাগ কৰা হৈছে। অসম ৰাজ্যখন 
সাতভনীৰ এটা। অসমৰ গাতে লাগি থকা আন ৰাজ্য সমূহ অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, পশ্চিম বংগ । অসমৰ মুঠ এলেকা ৭৮,৪৩৮ কিলোমিটাৰ। ভাৰতবৰ্ষৰ ২.৩৮ % এলেকা ৰে অসম ৰাজ্যখন অবস্থিত। অসমৰ ৰাজধানী দিছপুৰ । অসমৰ মুঠ ৩৪ খন জিলা আৰু ৭৮ টকা মহকুমা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ বানিজ্যিক কেন্দ্ৰ হিচাপে অসমৰ গুৱাহাটী চহৰখন গেটৱে। ৰাজনৈতিক প্ৰেক্ষাপটত অসম ৰাজ্যৰ ১২৬টা বিধানসভাৰ সমষ্টি আছে। 





     অসমত বিভিন্ন ধৰণৰ ভাষা-সংস্কৃতিৰ লোকে বসবাস কৰে। মুল ভাষা কেইটা যেনে -অসমীয়া (৪৮.৩৮%), বাংলা (২৮.৯২%), হিন্দী (৬.৭৩%), বডো (৪.৫৪%), সাদ্ৰী (২.২৯%), মিছিং (১.৯৮%), নেপালী (১.৯১%),কাৰ্বি (১.৬৪%), ওডিয়া (০.৭০%), সান্তালী (০.৬৮%), মণিপুৰী (০.৫৪%),গাৰো (০.৫২%) আৰু অন্যান্য (১.১৭%) থাকে যদিও অসমীয়া ভাষাটো মূল ভাষা। অসমৰ স্থানীয় ভাষা হিচাবে বহু কেইটা আছে যদিও অফিচ-আদালতত চৰকাৰী ভাষা হিচাবে অসমীয়া ভাষাত কাম-কাজ কৰা হয়। অসমৰ জাতীয় সংগীত "অ মোৰ আপোনাৰ দেশ" ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখিছিল। জাতীয় সংগীতটোৰ সুৰ আৰু কথা অন্তৰ চুই যোৱা। জাতীয় সংগীতটো হল-

অ' মোৰ আপোনাৰ দেশ
অ' মোৰ চিকুণী দেশ
এনেখন শুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ।

অ' মোৰ সুৰীয়া মাত
অসমৰ সুৱদী মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।

অ' মোৰ ওপজা ঠাই
অ' মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।


অসমৰ ৰাষ্ট্ৰীয় প্ৰতিক এশিঙীয়া গঁড়। এশিঙীয়া গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। অসমৰ জাতীয় উৎসৱ বিহু। বিহু তিনিটা - বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু।  





     অসম খন মূলতঃ চাহ খেতিৰ বাবে বিখ্যাত। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ "মাজুলী" অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অবস্থিত।




     অসম খন প্ৰাকৃতিকভাৱে সৈন্দৰ্যৰে ভৰপূৰ । ভাৰতবৰ্ষৰ পুৰণি তৈলশোধানাগাৰ ডিগবৈ শোধনাগাৰ। অসমত বহু মঠ-মন্দিৰ, মছজিদ, গীৰ্জা আদিৰে ভৰি আছে যদিও এক অন্যতম বিশ্ব বিখ্যাত ভক্তৰ আস্থাৰ প্ৰতিক মা কামাখ্যা দেৱীৰ মন্দিৰ।




     অসমৰ সমস্যা বুলিলে মুলতঃ বানপানী আৰু ইয়াৰ গঢ়াখহনীয়া। স্বাধীনতাৰ পিছৰ পৰা গা কৰি উঠা প্ৰব্ৰজনকাৰীৰ সমস্যা।




     অসমৰ চাৰিসীমা বুলিলে উত্তৰ ফালে অৰুণাচল প্ৰদেশ, পূব দিশত নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণ দিশত মেঘালয়, ত্ৰিপুৰা, আৰু মিজোৰাম আৰু পশ্চিম দিশত পশ্চিম বংগ। ভূটান আৰু বাংলাদেশ দেশ দুখন ও অসমৰ গাত লাগি আছে ।