14 June 2022

গুৱাহাটীৰ কৃত্ৰিম বানপানী

 
কৃত্ৰিম বানপানী 


     গুৱাহাটী মহানগৰীত এঘণ্টা ধৰি এজাক ডাঙৰ বৰষুণ দিলে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় । কেতিয়াবা যদি দিন-ৰাতি ডাঙৰ বৰষুণ দি থাকে তেতিয়া হ'লে গুৱাহাটী বাসীৰ কথা সুকীয়া। গুৱাহাটীৰ মূল পথ জি এছ ৰোড, আৰু জি বৰুৱা ৰোড, এ টি ৰোড আৰু ভিতৰৰ উপপথ বোৰত ঠাই বিশেষে নাও চলাব পাৰে। কৃত্ৰিম বানপানীৰ সমস্যাটোৱে গুৱাহাটী বাসীৰ অভিশাপ স্বৰূপে প্ৰতিটো বছৰৰ বাৰিষাৰ দিন কেইটা ভূগিব লাগে । গুৱাহাটী মহানগৰীত এনেকুৱা কিছুমান উপপথ আছে যিবোৰ বাৰিষা কালত বৰষুণ দিয়াৰ পৰা প্ৰায় ছয় মাহ পৰ্যন্ত পানীৰ তলত থাকে । তাৰ ফলত সেই অঞ্চলৰ জনসাধাৰণৰ সমস্যা ক্ৰমে বাঢ়িবলৈ ধৰে। প্ৰশাসনৰ পৰা কিছুমান সুবিধা লাভ কৰে যদিও সেয়া খন্তেকীয়া । 

     কৃত্ৰিম বানপানীৰ ফলত মানুহৰ যথেষ্ট পৰিমাণে খতি হয় । কৃত্ৰিম বানপানীৰ পানীবোৰ লেতেৰা আৰু বিষাক্ত। পৰা পৰ্যন্ত সেই লেতেৰা পানীত চলা-ফুৰা নকৰাই ভাল। চলা-ফুৰা কৰিলে লেতেৰা বা বিষাক্ত পানীৰ মানুহৰ চৰ্মৰোগ হোৱাৰ আশংকা বেছি। এই বানপানীৰ ফলত মানুহ শাৰীৰিক ভাবে বহু ক্ষতিগ্ৰস্ত হয়। আৰু যেতিয়া পানী শুকাই যায় মহ বা বেলেগ বেলেগ বেক্টেৰিয়াৰ পৰা নানা ধৰণৰ বেমাৰৰ উৎপত্তি হয়। যেনে মেলেৰিয়া, টাইফইদ, ডায়েৰা আদি। তাতোকৈ ডাঙৰ কথা সেই লেতেৰা পানীত উপঙি অহা লেতেৰা বস্তু বোৰ যেতিয়া মানুহৰ ঘৰ, দোকান আৰু নিজৰ চৌহদত সোমাই ঘৃণা বিয়োপোৱা।


     কৃত্ৰিম বানপানীত চলা-ফুৰা কৰিলে আৰু বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। লেতেৰা পানীৰ তলত কি থাকে সেয়া দেখা নাযায়। পানীৰ তলত কাচৰ টুকুৰা থকাটো বাঞ্চনীয় কাৰণ অসমত যধে মধে গঢ়ি উঠা মদ্যপান। গুৱাহাটীৰ কথাই সুকীয়া, দেখিব পোৱা যায় যে বয়সৰ কোনো ব্যাবধান নোহোৱাকৈ সৰু ডাঙৰ সকলোৱেই মদ্যপান কৰি কাচৰ বটলবোৰ অত-তত পেলাই বা ভাঙি পেলাই দিয়া কাৰ্যই বিপদ ঘটোৱা নিশ্চিত। সেই লেতেৰা পানীৰ তলত থকা ফুটপাথৰ ঢাকনবোৰ যঠা সময়ত বন্ধ কৰি নঠোৱাৰ বিনিময়ত বহুজনৰ জীৱন কাঢ়ি লৈ যোৱাৰ উপৰিও গোটেই জীৱন পঙ্গু হ'ব লগা হয়। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৃত্ৰিম বানপানীৰ সময়ত বহুতো ঘটনাৰ সুত্ৰপাত হয়। মূলতঃ কবলৈ হ'লে সাবধানতা অৱলম্বন নকৰিলে যিকোনো বিপদৰ সন্মুখীন হ'ব লগা হয়।


     খোৱা পানীৰ আৰু খাদ্যৰ নাটনিৰ অন্যতম কাৰণ হৈ পৰে কৃত্ৰিম বানপানীত। ৰাজহুৱা খোৱাপানীৰ যোগান ধৰা প্ৰকল্পবোৰ ও কৃত্ৰিম বানপানীৰ সময়ত বিকল হৈ পৰে। ঘৰত থকা কুৱা, দমকল আৰু পানী টেংবোৰ বিষাক্ত পানীৰ সংস্পৰ্শলৈ আহি খোৱাৰ বাবে অনুপযোগী হৈ পৰে। কিছুমান লোকৰ ঘৰত পানী উঠোৱা মটৰ আছে যদিও সেই সময়ত বিদ্যুৎ যোগান বিকল হৈ পৰে যেতিয়া বিশুদ্ধ পানী উঠাব নোৱাৰে। বাহিৰৰ পৰাও বিশুদ্ধ পানী কিনি আনিব নোৱাৰা হয় । কৃত্ৰিম বানপানীৰ ফলত বিশুদ্ধ খোৱা পানীৰ নাটনিৰ লগতে খাদ্যৰ নাটনি ও দেখা যায়। এঠাইৰ পৰা আন ঠাইলৈ যাতায়ত বন্ধ হৈ পৰাৰ লগে-লগে অত্যাবচ্যাকীয় সামগ্ৰী যোগান ধৰাত সমস্যা হয় । ফলত অত্যাবচ্যাকীয় সামগ্ৰীৰ লগতে আন আন সামগ্ৰীৰ নাটনি হোৱাৰ সম্ভাৱনা থাকে।



     জনসাধাৰণ সজাগ নহ'লে কৃত্ৰিম বানপানীৰ সমস্যাটোৰ পৰা পৰিত্ৰাণ পোৱা সহজ নহয়। প্ৰশাসনৰ লগত থাকি ভবিষ্যতৰ পৰিকল্পনা হাতত লৈ আগুৱাই যাব লাগিব। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি নলা-নৰ্দমা পৰিষ্কাৰৰ কৰি ৰখাৰ বাবে ব্যৱস্থা ল'ব লাগে। প্লাষ্টিকৰ বস্তু ব্যাবহাৰ বন্ধ কৰি কাগজ বা অন্য ব্যাবহাৰৰ উপযোগী বস্তু ব্যাবহাৰ চেষ্টা অব্যাহত ৰাখিলে কৃত্ৰিম বানপানীৰ পৰা কিছু সকাহ পাব পাৰি। পানী শুকাই যোৱাৰ পিছত পানীৰ টেংক চাফ চিকুন কৰি লৈ ঘৰৰ চৌহদত কীটনাশক দ্ৰব্য চতিয়াই বিজানুমুক্ত কৰি আকৌ সাধাৰণ জীৱন  যাপন আৰম্ভ কৰিব লাগে।


x