05 June 2022

বিশ্ব পৰিৱেশ দিৱস WORLD ENVIRONMENT DAY


 ‘বিশ্ব পৰিৱেশ দিৱস’'World Environment Day' 





    


     ‘বিশ্ব পৰিৱেশ দিৱস’ প্ৰতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয়। যুগৰ সলনিৰ লগে লগে ঔদ্যোগীকৰণৰ যুগত পৰিবেশৰ কথা চিন্তা কৰাটো বাধ্যতামূলক হৈ উঠিছে, কাৰণ নিৰ্বিচাৰে গছ কটাৰ ফলত যোৱা কেইটামান দশকত পৰিৱেশৰ যথেষ্ট ক্ষতি হৈছে। ইয়াৰ বাবেই সমগ্ৰ বিশ্বতে পৰিৱেশ তন্ত্ৰত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। পৰিৱেশ সুৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।  


      

        পৰিবেশৰ গুৰুতৰ সমস্যাবোৰ দূৰ কৰাৰ একমাত্ৰ উপায় হ’ল সমগ্ৰ বিশ্বৰ পৰিৱেশ সেউজীয়া কৰি তোলা। গছ-গছনি সংৰক্ষণৰ বিষয়ে মানুহ সচেতন হ’লেহে এয়া সম্ভৱ। সমগ্ৰ বিশ্বই পৰিৱেশৰ উন্নতি সাধন সাধন কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ সংস্থাৰ উদ্যোগত বিশ্ব পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে ১৯৭৩ চনত প্ৰতি বছৰে ‘বিশ্ব পৰিৱেশ দিৱস’ উদযাপন আৰম্ভ কৰা হয়।


      

      বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু "মাত্ৰ এখন পৃথিৱী"। ১৯৭২ চনত আৰম্ভ কৰা ষ্টকহোম সন্মিলনৰ শ্লোগান আছিল "মাত্ৰ এখন পৃথিৱী"। 


    


      বিশ্ব পৰিৱেশ দিৱসৰ ফলত পৰিৱেশ প্ৰদূষণ ৰোধ, জলবায়ুৰ পৰিৱৰ্তন, সেউজীয়া পৃথিৱীৰ সপোন, গোলকীয় উষ্ণতা হ্ৰাস আদি সফল কৰাত সাধাৰণ ৰাইজক সজাগ কৰাটোৱেই হৈছে ‘বিশ্ব পৰিৱেশ দিৱস’ ৰ মূল উদ্দেশ্য। 




      

       আমি সকলোৱে পৰিৱেশ ৰক্ষাৰ বাবে কিছুমান ক্ষেত্ৰত পৰিবেশৰ যত্ন ল’ব লাগে সেইবোৰৰ ভিতৰত 


        যুঁজ দিয়ক বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে । অবৈধ ভাৱে গছ-গছনি কটাৰ ফলত বনাঞ্চল কমি আহিছে। দ্ৰুতগতিত গছ কটাৰ বাবে জলবায়ুৰ পৰিৱৰ্তন আৰু অ’জন স্তৰত ইয়াৰ প্ৰভাৱ বিশ্বৰ বাবেও বিপদজনক।  


         অ'জন স্তৰ ৰক্ষা কৰা। এন্টাৰ্কটিকাৰ ওপৰত থকা অ’জন স্তৰত মহাদেশৰ আকাৰৰ এটা ফুটা আছে। সূৰ্যৰ পৰা গ্ৰহটোক সুৰক্ষিত কৰাৰ বাবে সকলো দেশে একেলগে কাম কৰি আছে।  


         মৰুভূমিৰ সৃষ্টি ৰোধ কৰা। জলবায়ু পৰিৱৰ্তনৰ কাৰণে সময়মতে বৰষুণ নোপোৱাৰ ফলত বহু ঠাই গৰম আৰু শুকান হৈ পৰে।  


      খাদ্যৰ অপচয় ৰোধ কৰা। পৃথিৱীয়ে যিদৰে খাদ্য উৎপাদন কৰে, উৎপাদিত সকলো খাদ্যৰ এক তৃতীয়াংশই অপচয় হয়। তাৰ ফলত "পৃথিবী" গ্ৰহটোৰ ব্যাপক লোকচান হয়।