08 November 2022

ভাল মানুহ বেয়া মানুহ (Good people are bad people))

 



মানুহৰ জীৱন গাঠনিত বহুকেইটা স্তৰ আছে। কোনোৱে প্ৰথম স্তৰ পাইছে কোনোৱে সকলো স্তৰ পাৰ কৰি অন্তিম পাইছে। জীৱন গাঠনিটো বহু তিতা মিঠা অনুভৱৰে মানুহ হৈ জীয়াই থকাটো কষ্টসাধ্য। সমাজ ব্যৱস্থাত ভাল মানুহৰ সংখ্যা কম হোৱাৰ কাৰণৰ মুলতে নিজক চিনি নোপোৱা। আজিৰ মানুহ নিজৰ স্বাৰ্থ অবিহনে ভাবিবলৈ এৰি দিছে । "কোনোৱে যদি ক'লে হৈ নিজৰ কথা ভাবি নিজক ভাল পালে ঘণ্টাত পইছা দিম" তেতিয়া ও ভাল মানুহৰ শাৰীত আহিবলৈ কিছু সংখ্যক মানুহ ৰৈ যাব। মানুহ প্ৰাণীটো নিষ্ঠুৰ । নিষ্ঠুৰ মনোভাৱে মানুহৰ জীৱন গাঠনিৰ কেইটামান স্তৰ পাৰ কৰিলে বাকী থকা স্তৰবোৰৰ সুখ শান্তি সকলো শেষ কৰি পেলাই । যদিও কিছু সংখ্যক মানুহে নিজক সুখী হোৱাৰ অভিনয় কৰে বা সুখ অনুভব কৰে সেয়া ও যেন খন্তেকীয়া । 

মানুহ হ'বলৈ সৃষ্টি ৰাজী যথেষ্ট নহয়। মানুহ হিচাপে জীয়াই থাকিব লাগিলে আনক ভাল পোৱাৰ আগত নিজক ভাল পাব লাগিব। আনক সুখী দেখাৰ আগত নিজক সুখী কৰিব লাগিব। সুখ বা সন্মান বজাত নাপায় ই এক অমূল্য আৰু অদৃশ্য। সুখ মাত্ৰ এটা অনুভৱ। জীৱন পোৱা তিতা মিঠা অনুভৱবোৰৰ তিতা বোৰ মগজু জমা কৰি থ'লে সেই জীৱনত ভাল কৰিলেও তিতা হৈ প্ৰকাশ পাব। যাৰ ফলত আৰু অধিক বেয়া জীৱন এটালৈ গতি কৰিব। ভাল খোৱা, ভাল পিন্ধা, নিঃস্বাৰ্থ ভাবে ভাল চিন্তা কৰা, সমাজ ব্যৱস্থাৰ ভাল কামত মনোনিবেশ কৰা গুন বোৰে মানুহক মানুহ বুলি চিনাক্ত কৰিব পাৰি। যেতিয়া শুদ্ধ পথত থাকি খোজ দিয়া হয় সমাজ ব্যৱস্থাত কূটনীতি কৰা বোৰ পিছুৱাই। যাৰ কাৰণে ভাল মানুহক জীবিত অবস্থাৰ বেয়া পোৱাৰ সংখ্যা বেছি কিন্তু মৃত্যুৰ পাছতেই বেয়া পোৱাৰ সংখ্যা নগন্য বা নোহোৱা হৈ যায়। মাথো এটাই মনৰ উদ্যমেৰে সৎ সাহসেৰে সুস্থ মগজুৰে মুখ খুলিলে সুখ শান্তি অনিবাৰ্য।

ভাল হওক বা বেয়াই হওক মানুহ মাত্ৰেই শত্ৰু আছে । বেয়া কাম, বেয়া দিহা পৰামৰ্শ, বেয়া চিন্তা, আনৰ খতি কৰা কাম বোৰ কৰি শত্ৰুৰ সংখ্যা বঢ়োৱাতকৈ ভাল কাম কৰি শত্ৰু বঢ়ালে অন্ততঃ মৰাৰ পিছত গুণাগুণ জোখ মাখ হ'ব। কোনো শত্ৰুই ও পৰামৰ্শ বিচাৰিলে ভাল পৰামৰ্শ আগবঢ়ালে নিশ্চিত ভাৱে সেই শত্ৰুই ও আপোনাৰ প্ৰতি ভক্তি বা সন্মানেৰে সন্মানিত কৰিব। সুখ জানো সেয়াই নহয়? সমাজ বা পৰিয়ালৰ মাজত সৎ চিন্তাধাৰাৰ ব্যাক্তি জনৰ জয় জয় অবস্থাই ব্যাক্তি জনৰ বিপদ-আপদ, সুখ-শান্তি, অভাৱ-অনাতন নিৰ্ভৰ নকৰে জানো? জীয়াই থাকিব লাগিলে উশাহ-নিশাহ ল'ব লাগিব। ঠিক তেনেদৰে জীয়াই থাকিব লাগিলে কৰ্ম কৰিব লাগিব । নিজৰ উপাৰ্জনেৰে পৰিয়ালটোক পোহপাল দিবলৈ সকলো মানুহে দায়বদ্ধ। 

সুখ বা শান্তিনো কি? ভাবিলে আচৰিত মেন লগা কথাবোৰ মানুহৰ মাজত লুকাই থকা এটা অনুভূতি। কোনোৱে সুখ বা শান্তি দিব নোৱাৰে। সপোন বা আশা কৰা মতে বাস্তৱ নহ'লে অশান্তিয়ে বিৰাজ কৰে। তাৰ বাবে একাগ্ৰতাৰ সৈতে নিজৰ সপোনবোৰৰ লগত প্ৰকৃত পৰিকল্পনাৰ জৰিয়তে বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিব লাগে। শেষত ভবা মতে নহ'লেও উদাসীন মনোভাৱ নলৈ সেই খিনিতে সান্ত্বনা লৈ ভবিষ্যতৰ পৰিকল্পনা কৰা দৰকাৰ। শিশু এটাই ডাঙৰৰ দৰে চিন্তা কৰিব নোৱাৰে যদিও লক্ষ্য নিৰ্নয় কৰাত পাকৈত, থিয় হ'বলৈ গৈ কিমান যে পৰে তথাপিও মনত ভয় বা শংকা নাৰাখি বাৰে বাৰে চেষ্টা কৰি এসময়ত থিয় দিয়ে আৰু খোজ কাঢ়িবলৈ লয়। ডাঙৰৰ কথাই সুকীয়া নিজে চিন্তা কৰি নিজৰ লক্ষ্য নিৰূপণ কৰিব পাৰে। কোনো ক্ষেত্ৰত ভবা মতে ফল নোপোৱাত উদাসীন নহৈ বাৰে বাৰে চেষ্টা কৰিলে নিশ্চয় আগুৱাই যায় আৰু সুখ বা সন্মান পাবলৈ সমৰ্থ হয়।

নিজৰ ব্যাৱহাৰে নিজৰ পৰিচয়। আগতে কোৱাধৰনে মানুহ মাত্ৰই শত্ৰু থকা স্বাভাৱিক। কেতিয়াবা সমাজত কেতিয়াবা নিজৰ পৰিয়ালৰ মাজত শত্ৰতাই দেখা দিয়ে। কোনো লোকে নিজৰ পৰিয়ালৰ মাজত শত্ৰতা ৰাখি আগুৱাই গ'লে পৰিয়ালৰ বাহিৰত কি স্থান পাব সেয়া আপুনি ও জানে । প্ৰথমে নিজক ভাল পোৱাৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক ভাল পাবলৈ শিকাটো প্ৰকৃত মানুহৰ লক্ষণ । সকলো মানুহৰ মনোভাৱ, আশা আকাংক্ষা একে নহয়। পৰিয়ালৰ কোনো এজনে ভূল কৰিলে সেই ভূল শুধৰাই দিয়াৰ দায়িত্ব পৰিয়ালৰ প্ৰতি জন সদস্যৰ। তাত কোনো সৰু ডাঙৰৰ কথা নাই ।নিজৰ দায়িত্ব নিজৰ। এজনে বেয়া পোৱা বা এজনৰ স্বাৰ্থ সিদ্ধিৰ বাবে সহজলভ্য ৰাজনীতি নকৰি নিঃস্বাৰ্থ মনোভাবেৰে সমাধানৰ চেষ্টা কৰিলে নিজৰ সন্মান বৃদ্ধি পায়। আৰু যদিহে পৰিয়ালৰ ৰাজনীতি মেৰপাকত সোমাই যায় তেনেহলে তেনে ব্যাক্তিৰ জীৱন ৰাষ্টাৰ শিলগুটি সদৃশ হৈ পৰে। সেয়েহে যি কোনো পৰিস্থিতিতে নিঃস্বাৰ্থ ভাবে নিজৰ মনোভাৱ সৎ সাহসেৰে প্ৰকাশ কৰিব পাৰিলে নিজৰ মনত কোনো আসোঁৱাহ নাথাকে আৰু মনটো পাতল হয়। মনৰ কথা খুলি কলেই যে সকলো কথা গ্ৰহণযোগ্য হ'ব সেই মনোভাৱ ৰখাতো ও ভূল ধাৰণা। 

মানুহ ৰূপী প্ৰকৃত মানুহে বেলেগৰ ক্ষতি হোৱাতো নিবিচাৰে । কোনো কথাই মানুহৰ মনত আঘাত নিদিয়ে। তেওলোকে প্ৰতিটো ক্ষেত্ৰত নিজৰ জোখ-মাখ লৈ নিজক উপস্থাপন কৰে। তেওঁলোক সদায় সুখী হোৱাৰ চেষ্টা কৰে লগতে আনকো সুখী হোৱাৰ প্ৰেৰণা দিয়ে। জীৱনটো জীয়াই থাকিবলৈ নিজৰ খং এৰাই আনৰ প্ৰসংশা কৰি হাহি মুখে কথা কব পাৰিলে জীৱনৰ মূল্যায়ন জীবিত অবস্থাত ভোগ কৰিব পাৰি।