17 June 2022

কেব চালক(Cab driver)

 




পৰিচয় :


     কেব চালক এজন হ'বলৈ এজন বানিজ্যিক গাড়ী চলোৱা অনুজ্ঞাপত্ৰ এখনৰ যিদৰে দৰকাৰ হয় ঠিক তেনেদৰে চালকজন আইনৰ দৃষ্টি কোনোধৰণৰ দোষী বা আচামি হ'ব নালাগিব। কেব চালক এজনৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন কোনো নিৰ্দিষ্ট মাপ-কাঠি নাই যদিও নিজে নিজৰ কৰ্তব্য পালন কৰাৰ বাবে যিমানখিনি সম্ভৱ সেই খিনি থাকিলে হ'ল। কেব চালক এজন হ'বলৈ হ'লে Digital ৰ বিষয়ে জনা দৰকাৰ। বৰ্তমান সময়ত সকলোবোৰ Digital হৈ পৰিছে। সেয়েহে নিজকে পৰিপক্ক কৰি তোলা দৰকাৰ। কেব চালক এজনে কেনেকৈ ভাড়া গ্ৰহণ কৰিব বা কেনেকৈ গ্ৰাহক এগৰাকীক সঠিক ঠিকনাত গৈ যাত্ৰা আৰম্ভ কৰিব সেই সাধৰন জ্ঞান আহৰণ কৰা দৰকাৰ। কেব চালক এজনে নিজৰ এলেকাত প্ৰচলিত যিকোনো এটা বিশ্বাসযোগ্য কোম্পানী এটাৰ লগত সংযোজন হৈ নিজৰ কৰ্মজীৱন আৰম্ভ কৰিব পাৰে। কোম্পানীৰ নিয়ম অনুসৰি চালক জনৰ কিছুমান নথি-পত্ৰ জমা লৈ সংযোজনৰ সম্পূৰ্ণ কাম শেষ কৰি চালক জনৰ নিজৰ মোবাইলত এটা App Install কৰি ল'ব লাগে আৰু কোম্পানীয়ে কেব চালক জনক এটা ID আৰু PASSWORD দি দিয়ে । যেতিয়াই কেব চালক জনে নিজৰ কৰ্তব্য আৰম্ভ কৰিব বিচাৰে কোম্পানীৰ App ত নিজৰ ID PASSWORD দি Log In কৰি লৈ চালক জনে নিজৰ কৰ্তব্য আৰম্ভ কৰিব পাৰে।

  


সংগঠন :


     কেব চালক সকলৰ সমস্যাৰ শেষ নাই। কোন মুহূৰ্তত কি সমস্যাৰ মুখামুখি হ'ব লাগে তাৰ ঠিক নাই । গ্ৰাহক আৰু কেব চালকৰ মাজত মতানৈক্যৰ বাবে প্ৰায়েই সমস্যাই দেখা দিয়ে আৰু দুৰ্ঘটনাৰ বাবে প্ৰায়েই সমস্যাৰ সন্মুখীন হয়। কেব চালক সকল নিজৰ কৰ্তব্যত ব্যাস্ত থকা কাৰণে ইজনে আনজনক সহায় সহযোগ কৰাত অসুবিধাৰ সন্মুখীন হয়। প্ৰায় প্ৰতিটো মুহুৰ্তত যিকোনো এজন কেব চালক বিপদৰ সন্মুখীন হৈ থাকে। কেব চালক সকলে সংগঠিত হৈ যিকোনো সমস্যাৰ সন্মুখীন হ'বলৈ চালক সংগঠণৰ প্ৰয়োজন অনুসৰি ইং ২০১৭ চনত " অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন" নামেৰে এটা সংগঠনৰ জন্ম দিয়ে। "অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নে" জন্মলগ্নৰ পৰাই কেব চালকৰ প্ৰতিটো উমৈহতীয়া সমস্যা মূৰ পাতি লৈ একান্তভাবে সমাধানৰ অহৰহ চেষ্টা কৰি আছে। কেব চালকৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে যদিও বহু চালক উচ্চ শিক্ষাগত অৰ্হতা লৈ কেব চালক হিচাবে বা কেব সেৱাৰ লগত স্বভিমানৰ সৈতে নিজক নিয়োজিত কৰি অৰ্থনৈতিক আৰু সামাজিক ভাৱে স্বাভালম্বিত হৈছে। উচ্চ শিক্ষিত চালক আৰু গাড়ীৰ মালিক পক্ষই একক চিন্তাধাৰাৰে "অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন" ক সদায় নতুনত্বৰ ৰূপ দি আধুনিক পদ্ধতিৰে সমস্যা সমাধান কৰাৰ উদ্দেশ্যে ইং ২০১৮ চনত সংগঠনটো ২৭৭৯/২০১৮ নম্বৰৰ সৈতে চৰকাৰী পঞ্জীয়ন কৰি লয়। কেতিয়াবা কেতিয়াবা কেব চালক সকলৰ মাজত ক্ষমতা লোভী বা চকুচৰহা ব্যাক্তিৰ কথাত "অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন" ৰ বিৰোধিতা কৰি আৰু নতুন নতুন দুই তিনিটা সংগঠনৰ জন্ম দিয়ে যদিও কামৰ ক্ষেত্ৰত শূণ্য হৈ ৰোৱা দেখা যায়। মূলতঃ কবলৈ গলে কেব চালক সকলক "ৰক্ষা কবচ" দিব পৰা একমাত্ৰ সংগঠনটোৱে হৈছে "অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন"। "অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন" ৰ কাৰ্যালয় (অস্থায়ী) আনুষ্ঠানিকভাৱে ইং ২০২২ চনৰ জুন মাহত কামৰূপ মেট্ৰ'ৰ D.T.O. মাননীয় হিমাংশু দাস ভাউৰীয়াৰ উপস্থিতিত গুৱাহাটী নাৰাঙ্গীত শুভাৰম্ভ কৰে। ২০১৯ - ২০২০ চনত কেব চালক সকলক "অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়ন" ৰ ফালৰপৰা পৰিচয় পত্ৰ দিয়া হৈছিল যদিও ইং ২০২০ আৰু ২০২১ চনৰ কৰুণা মহামাৰীৰ সময়ত পৰিচয় পত্ৰৰ ম্যাদ উকলি যায় । ইং ২০২২ চনৰ জুন - জুলাই মাহত আকৌ নতুনকৈ নতুন কাৰ্যালয়ৰ ঠিকনাত কেব চালক সকলক পৰিচয় পত্ৰ দিয়াৰ ব্যাবস্থা কৰে।

 


 চালকৰ দায়বদ্ধতা :


     গাড়ী এখন চলাব জানিলে বা চলালে চালক হ'ব পাৰে। কিন্তু কেব চালক হ'ব নোৱাৰে। কেব চালক এজন হ'বলৈ হ'লে নিজে কিছুমান সাবধানতা অৱলম্বন কৰিব লাগে। যেনে- এজন কেব চালকে নিজৰ কৰ্তব্যৰ সময়ত নিজে নিজক খোৱাৰ পৰা পিন্ধা লৈ গুৰুত্ব আৰোপ কৰিব লাগে। চালক এজনে গাড়ীৰ ভিতৰত ধূমপান কৰিলে বা চালকৰ মূখত তেনে কিবা গোন্ধ থাকিলে পিছৰ যাত্ৰী জনে অস্বস্তিকৰ অনুভব কৰিব পাৰে। সুৰা পান কৰা লোকসকলে এটা কামেই কৰিব লাগে সুৰাৰ লগত গাড়ী নহয় বা গাড়ীৰ লগত সুৰা নহয়।


     বহুতো কেব চালকক দেখা যায় তেওঁলোকৰ পিন্ধনত এটা টি-চাৰ্ট, আঠুৰ তলত থকা হাফ পেণ্ট আৰু এজোৰ চেণ্ডেল। নিজৰ কৰ্মক যিমানেই সন্মান বা পৰিস্কাৰ-পৰিচন্ন কৈ কৰ্ম কৰি যোৱা যায় সকলোৰে কৃপা দৃষ্টি থাকে। পিন্ধনত ভদ্ৰ সাজ-পোছাক এজোৰৰ লগতে নিজে চাফ-চিকুণ হৈ কৰ্তব্য আৰম্ভ কৰা দৰকাৰ।


     কেব চালক সকলৰ মূখত এটা মিঠা হাহিৰে গ্ৰাহকক আদৰণি জনায় বা কথা আগুৱাই লৈ গলে গ্ৰাহক সন্তুষ্ট হৈ চালকক সহানুভূতি আগবঢ়াই। আৰু যদি কথা বোৰ খঙাল বা কথোৰ মনেৰে গ্ৰাহক সন্তুষ্ট কৰিব বিচাৰে গ্ৰাহক সন্তুষ্ট নহয় বৰং নিজৰেই খতি হয়। 


     কেব চালক লৈ যেতিয়া যাত্ৰাৰ বাবে বুকিং আহে তেতিয়া চালক সকলে তাৎক্ষণিক সিদ্ধান্ত লোৱা উচিত, বুকিংটো গ্ৰহন কৰিলে ঠিকেই, কিন্তু কিমান দূৰলৈকে গ্ৰাহকক উঠাব যাব লাগিব, যাবনে নাযায় ইত্যাদি। চালক জনৰ মন নাই অথচ গ্ৰাহকজনক ফোনত কথা ঘূৰাই ঘূৰাই কৈ দুজনৰ সময় নষ্ট কৰিব নালাগে। গ্ৰাহকৰ বেছি সময় নষ্ট নকৰি চালকজনে সিদ্ধান্ত লোৱা উচিত।



     গ্ৰাহকৰ লগত যাত্ৰাৰ সময়ত বেছি কথা কব নালাগে আৰু পৰা পৰ্যন্ত গ্ৰাহকৰ পৰা কোনো বস্তু খাব বা শুঙিব নালাগে । কেতিয়াবা বিপদত পৰিব পাৰে। বেছি কথা কলে চালকৰ দূৰ্বলতা বুজি ক্ষতি কৰিব পাৰে। (সকলো গ্ৰাহকৰ বাবে নহয়)


     গ্ৰাহকৰ ৰূপত কেতিয়াবা ভগৱান আহে আৰু কেতিয়াবা দানব আহে । সেয়েহে কেব চালক সকলে সাবধানেৰে নিজৰ কৰ্তব্য শেষ কৰা দৰকাৰ। 


     কেব চালক সকলে প্ৰতিটো বুকিংৰ ক্ষেত্ৰত সাবধান কেৱল সাবধান হোৱা দৰকাৰ। নহ'লে বেয়া গ্ৰাহকৰ সন্মুখীন হ'লে শাৰীৰিক বা মানসিকভাৱে নিজৰ ক্ষতি হ'ব পাৰে আৰু ভাল গ্ৰাহকক যদি বেয়া ব্যাবহাৰ কৰে তেতিয়া ও নিজৰ বাবে ক্ষতিকাৰক।


     কেব চালক সকলে বুজা উচিত যে সকলোবোৰ Digital হ'ল । Digital মাধ্যমেৰে কেব চলাই আছে কিন্তু Digital পইচা গ্ৰহন নকৰে। এই নীতি ভূল, কেব চালক এজনৰ কৰ্তব্য গ্ৰাহকক গন্তব্যস্থানত এৰা । তাৰ বিনিময়ত গ্ৰাহকে অফাৰত আহে বা অনলাইন পইচা দিয়ে সেয়া গ্ৰাহক আৰু কোম্পানীয়ে বুজিব। চালকৰ পইচা নিয়ম অনুসৰি সময়ত পালে হ'ল।


     কেব চালক সকলৰ উপাৰ্জন কোনোবা দিনা ভাল হয় আৰু কোনোবা দিনা বেয়া হয় । "লোকে পাপ পাপে মৃত্যু" কথাষাৰ ক'ৰবাত কিছুমান কেব চালকৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। কিছুমান কেব চালকে অফলাইন যাত্ৰাত বেছি গুৰুত্ব দিয়ে। ফলত চুৰ, ডকাইত আৰু হত্যাকাৰী হাতত সময়ে সময়ে কেব চালক আত্মসমৰ্পন কৰিব লগা হয়। 


     কেব চালক এজন সদায় হয় আৰু নিষ্ঠাবান হোৱা দৰকাৰ। এটা যাত্ৰাৰ সময়ত গাড়ীত থকা সকলো যাত্ৰীৰ বিপদজনক কাৰকসমূহৰ পৰা বচাই গন্তব্যস্থানত এৰিব পৰাটো মূল লক্ষ্য হ'ব লাগে।




  গ্ৰাহকৰ দায়বদ্ধতা :


     কেব‌ চালক সকলে যি দৰে ৰ'দ, বতাহ, বৰষুণ,‌ ঠাণ্ডা, গৰম আদি সকলো পৰিস্থিতিত জনসাধাৰণক কেব সেৱা দি আহিছে। ইচ্ছা কৰিলে ঘৰৰ দুৱাৰ মুখত গাড়ী এখন মাতিব পাৰে আৰু নিজৰ সুবিধা অনুযায়ী গাড়ীখন ঘুৰাই লৈ ফুৰিব পৰে। কেব সেৱা আহাৰ পিছৰ পৰা জনসাধাৰণৰ বহুতো লাভ হৈছে । দৈনিক হাজাৰ জন কেব চালকৰ মাজত ভাল বেয়া ওলাব পাৰে । এজন দুজন কেব চালক বেয়া হ'ল বুলি গোটেই কেব চালক বেয়া হ'ব নোৱাৰে। কেব সেৱা উপভোগ কৰিব যোৱা সময়ত জনসাধাৰণৰ কিছুমান নৈতিক দায়িত্ব আৰু কিছুমান সাবধানতা অৱলম্বন কৰা দৰকাৰ।  

  কেব এখন বুকিং কৰাৰ লগেলগে কেব চালকৰ জনৰ কৰ্মৰ ৰেটিং পৰীক্ষা কৰি লৈ চালক জনৰ ব্যাক্তিত্ব বুজি ল'ব লাগে। চালক জনৰ কৰ্মৰ ৰেটিং ৰ ওপৰত ভিত্তি কৰিয়েই যাত্ৰাৰ সুৰক্ষা নিৰ্ধাৰণ কৰিব লাগে।


 কেব চালক সকলৰ ওপৰত বহু চাপ (pressure) থাকে। সেয়েহে সময়ত সৰু কথা কিছুমানত চালকৰ খং উঠে। যাত্ৰাৰ সময়ত অনাহকত চালকৰ লগত কথা পাতিব নালাগে। 


গৰমৰ দিনত বিশেষ কৈ‌ দেখা যায় যে কিছুমান যাত্ৰীয়ে AC ৰ ঠাণ্ডা বঢ়াবৰ কাৰণে কেব চালকক হেচা প্ৰয়োগ কৰে বা কোনো কোনো যাত্ৰীয়ে AC নিজে বঢ়াব গৈ চালকৰ লগত তৰ্কযুদ্ধত লিপ্ত হ'ব লগা হয়।



কেব চালক সকল কোনো নিম্নবৰ্গৰ লোক নহয়। বহু উচ্চ শিক্ষিত নিবনুৱাই ভোকৰ তাৰনাত হওক বা আন্না কাৰণত হওক তেওঁলোকে এটা সেৱা আগবঢ়াই আহিছে যেতিয়া কেব চালক সকলক সন্মান দি‌ কথা পাতিলে নিশ্চয় কেব চালক সকলে সহানুভূতি দেখাব ।



যাত্ৰীয়ে যাত্ৰা শেষ কৰি গাড়ীখনৰ পৰা আতৰি যোৱাৰ আগতে নিজৰ বয়বস্তুৰ লগতে মোবাইল বা অন্য সামগ্ৰী চম্ভালি লোৱা উচিত। গড়ীখন এৰাৰ পিছত কেব চালকজনে অন্ত বুকিংত গুছি যায় । হঠাৎ আগৰ গ্ৰাহকৰ কিবা মূল্যবান বস্তু এৰি গলেও চালক জনে একো নাজানে। পিছৰ গ্ৰাহকজনে আগৰ গ্ৰাহকৰ কিবা মূল্যবান বস্তু পালেও ঘুৰাই নিদিয়ে। পিছত গৈ কেব চালক সকলক দোষাৰোপ কৰা দেখা যায়।


  প্ৰশাসনৰ ভূমিকা :


     গুৱাহাটীৰ প্ৰতিটো ঠাইত প্ৰশাসনৰ চকু দিয়া থাকে। সেয়ে প্ৰশাসনৰ চকুৰ পৰা হাত সাৰি যোৱা সম্ভৱ নহয়। কেব সেৱা যিহেতু অনলাইন তাত অফলাইন ভাড়া উঠোৱাৰ পৰা বিৰত থাকিব আহ্বান জনায় প্ৰশাসনে। কেব চালক সকলে বুকিং গ্ৰহন কৰাৰ আগতে গাড়ী আৰু নিজৰ সকলো নথি পত্ৰ পৰিক্ষা কৰি ল'ব । কোনো এখন নথি পত্ৰ ক্ৰুতি থাকিলে প্ৰথমে নথি পত্ৰ ঠিক কৰি লওক অন্যথা জৰিমনা ভৰিব লাগিব। প্ৰতিজন কেব চালক আৰু কেবৰ মালিক পক্ষই প্ৰশাসনৰ নিয়ম মানি চলাটো বাধ্যতামূলক।



  সামুহিক দৃষ্টিভঙ্গী :

     যি কোনো ব্যাবসায়ত দুটা মূল বিষয়বস্তু থাকে যাক ইংৰাজীত "Dimand and Supply" কোৱা হয় । Dimand মানে চাহিদা বা গ্ৰাহকৰ ইচ্ছা আৰু ক্ষমতা আৰু Supply মানে যোগান ধৰা বা সেৱা আগবঢ়োৱা। কেব সেৱাৰ লগত পোনপটীয়াকৈ তিনি শ্ৰেণীৰ লোক জৰিত হৈ থাকে । প্ৰথমে গ্ৰাহক, যিয়ে Dimand দিয়ে। দ্বিতীয়তে কেব চালক আৰু কোম্পানী যিয়ে Supply দিয়ে। তৃতীয়তে প্ৰশাসন যিয়ে সকলোবোৰ তদাৰক কৰে। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল এই তিনি শ্ৰেণীৰ ভিতৰত গ্ৰাহক আৰু কেব চালক আৰু কোম্পানী য়ে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। কেব সেৱা আছে কিন্তু গ্ৰাহক নাই তেতিয়া কি হ'ব পাৰে ? কেব চালক সকলে ভাবক । আৰু গ্ৰাহক আছে কিন্তু কেব সেৱা নাই তেতিয়া কি হ'ব পাৰে ? গ্ৰাহক সকলে ভাবক। কোনেও কাৰো তলত নাই, কাৰোবাৰ চাহিদা আছে কাৰণে কোনোৱে যোগান বা সেৱা আগবঢ়ায়। এতিয়া High Dimand বা কথিত ভাষাত Hi Dimand কি ? যেতিয়া কোনো ঠাই বিশেষে কেব সেৱা বা গাড়ীৰ সংখ্যা কমি যায় আৰু গ্ৰাহকৰ প্ৰয়োজন অনুসৰি গাড়ী নাপায় তেতিয়া সেই ঠাইত (কথিত ভাষাত) Hi Dimand লাগে । আৰু গ্ৰাহকে অলপ বেছি মূল্যত কেব সেৱা গ্ৰহণ কৰিব লাগে। মুলতঃ এইটো কথা ঠিক কেব চালক আৰু গ্ৰাহক দুয়োপক্ষৰ মাজত সজাগতা বৃদ্ধি কৰি দুয়ো পক্ষই (বিশেষকৈ কেব চালক) সন্মান সহকাৰে কেব সেৱা আগুৱাই লৈ গলে "অসমী আই" ৰ লগতে গুৱাহাটী বাসীৰ আৰু কেব চালক সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হব।