27 June 2022

ভাৰতীয় জাতীয় পতাকা ( The national flag of India )

    

ভাৰতীয় জাতীয় পতাকাৰ বিবৰণ 






ভাৰতীয় জাতীয় পতাকা

      বৰ্তমানৰ ভাৰতীয় জাতীয় পতাকাখন বহুতো ত্যাগৰ বিনিময়ত ভাৰতীয় নাগৰিকে লাভ কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত সময় আৰু ঠাইভেদে বহু কেইখন জাতীয় পতাকাৰ উত্তোলন কৰা হৈছিল। ভাৰত স্বাধীন হোৱাৰ কিছুদিন আগত ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত ১৯৪৭ চনৰ ২৩ জুনত বি আৰ আম্বেদকাৰ, সৰোজিনী নাইডু, মৌলানা আবুল কালাম আজাদ, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু কে এম মুন্সী একত্ৰিত হৈ "গণ পৰিষদ" নামেৰে এখন কমিটীৰ গঠন কৰে। কমিটীৰ মূল লক্ষ্য আছিল ভাৰতৰ জাতীয় পতাকাখনত কোনো সাম্প্ৰদায়িক গুৰুত্ব নিদি এখন উপযুক্ত পতাকা হিচাপে সকলো দল আৰু সকলো সম্প্ৰদায়ৰ ওচৰত গ্ৰহণযোগ্য কৰি তোলা। সম্পূৰ্ণ ২১ দিন পিছত ১৯৪৭ চনৰ ১৪ জুলাইত কমিটীৰ সিদ্ধান্তত ভাৰতীয় জাতীয় পতাকা হিচাপে গৃহীত হয়। স্বাধীন ভাৰতত প্ৰথমবাৰ ১৯৪৭ চনৰ ১৫ আগষ্টত এইখন ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰা হয়। 


ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ আগৰ পতাকা

     ১৯৪৭ চনৰ ১৪ জুলাইত "গন পৰিষদ" ৰ সিদ্ধান্তত ভাৰতীয় জাতীয় পতাকা হিচাপে গৃহীত হোৱাৰ আগতে প্ৰথম খন ভাৰতৰ জাতীয় পতাকা ১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চী বাগান স্কোৱেৰত (গ্ৰীন পাৰ্ক) ত উত্তোলন কৰা হৈছিল। পতাকা খন আয়তন আকৃতিৰে ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙৰ আছিল। 

     ১৯০৭ চনৰ ২২ আগষ্টত ভাৰতৰ জাতীয় পতাকা হিচাপে আন্তঃৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছে এখন জাতীয় পতাকা উত্তোলন কৰিছিল। 

     ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম তীব্ৰ গতিৰে আগুৱাই হোমৰুল আন্দোলনৰ সময়ত ১৯১৭ চনত তৃতীয় খন ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল। এই পতাকাখন ৯ টা স্তৰৰ ভিতৰত ৫ টা ৰঙা আৰু ৪ টা সেউজীয়া স্তৰ আছিল। আৰু প্ৰত্যেক স্তৰত সাতটাকৈ তৰা আছিল। এই জাতীয় পতাকাখনৰ ওপৰৰ বাওঁফালে ইউনিয়ন জেক আৰু বগা ৰঙৰ তৰাৰ লগত কাচীজোন এটা আছিল।

     চতুৰ্থখন ভাৰতীয় জাতীয় পতাকাত ৰঙা আৰু সেউজীয়া দুটা ৰঙৰে প্ৰস্তুত কৰিছিল শ্ৰী পিংগালি ভেংকায়া য়ে। দুটা ৰঙৰ জাতীয় পতাকাখনে মূলতঃ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলক বুজাইছিল। আন ধৰ্মৰ লোক সকলক আৰু প্ৰগতিৰ প্ৰতিক হিচাপে মহাত্মা গান্ধীজীয়ে বগা ৰঙৰ ওপৰত যতৰৰ ছবি দিবলৈ পৰামৰ্শ দিছিল।

     ১৯৩৭ চনত পঞ্চম খন ভাৰতৰ জাতীয় পতাকা হিচাপে গেৰুৱা, বগা আৰু সেউজীয়া তিনিটা ৰঙৰ পতাকা এখন ভাৰতৰ জাতীয় পতাকা হিচাপে গৃহীত কৰা হৈছিল। বৰ্তমানৰ পতাকাখন আৰু ১৯৩৭ চনত গৃহীত হোৱা পতাকাৰ মাজত পাৰ্থক্য এইটোৱেই যে বৰ্তমানৰ পতাকাখনৰ বগা ৰঙৰ মাজত অশোক চক্ৰ আছে আৰু ১৯৩৭ চনত গৃহীত হোৱা পতাকাখনৰ বগা ৰঙৰ মাজত যতৰ আছে।







ভাৰতীয় জাতীয় পতাকাৰ বিবৰণ

      ভাৰতবৰ্ষক পৃথিৱীৰ চিনাকি কৰা বা প্ৰতিনিধিত্ব কৰা ভাৰতীয় জাতীয় পতাকাখনৰ ওপৰত গেৰুৱা ৰং, মাজত বগা ৰং আৰু তলত সেউজীয়া ৰং তিনিটা। ভাৰতীয় জাতীয় পতাকাখনৰ ওপৰৰ গেৰুৱা ৰংটোৱে ত্যাগ, দেশ প্ৰেম আৰু সাহসৰ প্ৰতীক। দেশৰ নেতৃত্বত থকা লোকে নিজৰ লাভৰ প্ৰতি উদাসীন আৰু নিজৰ কৰ্তব্যৰ প্ৰতি যত্নপৰ হ'ব লাগে। ভাৰতীয় জাতীয় পতাকাখনৰ মাজত বগা ৰংটোৱে সত্য আৰু শান্তিৰ প্ৰতীক। ভাৰতীয় জাতীয় পতাকাখনৰ তলত থকা সেউজীয়া ৰংটোৱে কৃষি আৰু প্ৰগতিৰ প্ৰতিক । বগা ৰংটোৰ মাজত থকা অশোক চক্ৰটোক ধৰ্ম চক্ৰ বুলি ও কোৱা হয়। অশোক চক্ৰটো গতিৰ প্ৰতীক। অশোক চক্ৰৰ মাজত ২৪ ডাল কাঠী বা দণ্ড থাকে। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণে আগবঢ়োৱা ব্যাখ্যা অনুসৰি অশোক চক্ৰটোৱে শান্তি আৰু গতিশীলৰ প্ৰতীক। তেওঁৰ বাখ্যা অনুসৰি প্ৰতি ডাল কাঠী বা দণ্ডই একো একোটা বিষয়ে প্ৰতিনিধিত্ব কৰে। ২৪ ডাল কাঠী বা দণ্ডৰ প্ৰতিনিধিত্ব কৰা বিষয়সমূহ হল- ধৈৰ্য, আৰগ্য, শান্তি, ত্যাগ, অনুশাসন, সেৱা, ক্ষমা, ভালপোৱা, মৈত্ৰী, বন্ধুত্ব, সংগঠন, কল্যাণ, সমৃদ্ধি, উদ্যোগ, সুৰক্ষা, নিৰাপত্তা, নিয়ম, সমতা, অৰ্থ, নীতি, ন্যায়, সহকাৰ্য, কৰ্তব্য, অধিকাৰ ।







ভাৰতীয় জাতীয় পতাকা কত কেতিয়া ব্যাবহাৰ কৰিব নালাগে


      ভাৰতীয় জাতীয় পতাকাখন সদায় মৰ্যাদা, আনুগত্য আৰু সন্মানেৰে ব্যাবহাৰ কৰা উচিত। পতাকা ব্যাবহাৰৰ ক্ষেত্ৰত ভাৰতীয় আইন যথেষ্ঠ কঠোৰ। ভাৰতীয় জাতীয় পতাকাখন উত্তোলন আৰু ব্যাবহাৰৰ ক্ষেত্ৰত ভাৰতীয় আইনত কিছূমান নীতি নিয়ম বান্ধি দিয়া হৈছে। জাতীয় পতাকাখন কোনো কাৰণত স্ব-ইচ্ছাই ওলোটাকৈ উত্তোলন বা মাটি আৰু পানীত পেলাব নোৱাৰিব। টেবুলত পাৰা বা পৰ্দা হিচাপে ব্যাবহাৰ কৰিব নোৱাৰিব। কোনো সামগ্ৰী, নামলিপি, মূৰ্তি, শিলালিপি আদি ঢাকি ৰাখিবলৈ ব্যাবহাৰ কৰিব নোৱাৰিব। জাতীয় পতাকাত লিখা বা ৰং কৰিব নোৱাৰিব। পতাকা উত্তোলনত একেডাল দণ্ডত বেলেগ পতাকা উত্তোলন কৰিব নোৱাৰিব। জাতীয় পতাকা সাজ-পোছাক বা ইউনিফৰ্ম হিচাবে পৰিধান কৰিবলৈ মানা আছিল যদিও ২০০৫ চনৰ ৫ জুলাইত আইন সংশোধনৰ জৰিয়তে সাজ-পোছাক বা ইউনিফৰ্ম হিচাবে পৰিধান কৰিবলৈ অনুমতি প্ৰদান কৰে। ভাৰতীয় জাতীয় পতাকা কোনো ব্যাবসায়িক প্ৰতিষ্ঠানত উত্তোলন কৰিব নোৱাৰিব। জাতীয় পতাকাখনেৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিৰ ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন আন কোনো বস্তু বান্ধিব নোৱাৰিব। ভাৰতীয় জাতীয় পতাকা অৰ্ধনমিত কৰাৰ বাবে চৰকাৰৰ নিৰ্দেশ অনিবাৰ্য। যদি কোনো ভাৰতীয় জাতীয় পতাকা ব্যাবহাৰৰ অনুপযোগী হয় তেনেহলে নিৰবে সন্মান সহকাৰে নষ্ট কৰিব লাগে। মুলতঃ ক'বলৈ হ'লে ভাৰতীয় জাতীয় পতাকাখন ব্যাবহাৰৰ ক্ষেত্ৰত সাৱধানে সন্মান সহকাৰে ব্যাবহাৰ কৰা উচিত।





ভাৰতীয় জাতীয় পতাকাৰ ব্যৱহাৰ


     ভাৰতীয় জাতীয় পতাকা সাধাৰণতে দুটা বিশেষ দিনত উত্তোলন কৰা হয়। গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত যি কোনো ৰাজহুৱা অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি পতাকা উত্তোলন কৰা হয়। জাতীয় পতাকা উত্তোলন মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ পিছত কৰা হয় আৰু সূৰ্যাস্তৰৰ আগত নমাই দিয়া হয়। কিছুমান বিশেষ চৰকাৰী ভৱনত দিন ৰাতি উত্তোলন কৰি ৰখা হয়। কিছুমান বিশেষ ব্যাক্তিয়ে নিজৰ যানবাহনত জাতীয় পতাকা উত্তোলন কৰিব পাৰে। বিশেষ ব্যাক্তি সকলৰ ভিতৰত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল, গভৰ্নৰ, মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী, সাংসদ, কেবিনেট সদস্য, লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষ, চেয়াৰমেন, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপতি আৰু সেনাবাহিনীৰ অধিকাৰিকবৃন্দই নিজৰ যানবাহনত জাতীয় পতাকা উত্তোলন কৰিব পাৰে।







ভাৰতীয় জাতীয় পতাকাৰ জোখ আৰু কাপোৰ

      ভাৰতীয় জাতীয় পতাকা ব্যাবহাৰ যিদৰে নিয়ম ভিতৰত আবদ্ধ ঠিক তেনেদৰে জাতীয় পতাকাখনৰ কাপোৰখন খাদী কাপোৰ হ'ব লাগে। ভাৰতীয় জাতীয় পতাকাৰ প্ৰস্থ:উচ্চতা সমানুপাতিক জোখ ৩:২ । জাতীয় পতাকাখনৰ তিনিওটা ৰং সমান আকাৰৰ হ'ব লাগে। অশোক চক্ৰৰ ২৪ ডাল কাঠী বা দণ্ড এক সমান ব্যবধানত থাকিব লাগে। জাতীয় পতাকাৰ জোখৰ কেইটামান উদাহৰণ 

    

 ১/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ৬৩০০ × ৪২০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ১২৯৫ ।

 ২/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ৩৬০০ × ২৪০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ৭৪০ ।

 ৩/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ২৭০০ × ১৮০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ৫৫৫ ।

 ৪/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ১৮০০ × ১২০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ৩৭০ ।

 ৫/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ১৩৫০ × ৯০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ২৮০ ।

 ৬/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ৯০০ × ৬০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ১৮৫ ।

 ৭/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ৪৫০ × ৩০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ৯০ ।

 ৮/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ২২৫ × ১০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ৪০ ।

 ৯/ প্ৰস্থ আৰু উচ্চতা (মিঃমিঃ) ১৫০ × ১০০ অশোক চক্ৰৰ ব্যাস (মিঃমিঃ) ২৫ ।

 




সমাপ্ত

    ভাৰতীয় জাতীয় পতাকা স্বাধীন ভাৰতৰ গৌৰৱ । বহুজন শ্বহীদক হেৰুৱায় ভাৰত স্বাধীন হৈছে। স্বাধীন ভাৰতৰ ভাৰতীয় জাতীয় পতাকাখনক শ্ৰদ্ধা কৰা আমাৰ দায়িত্ব ও কৰ্তব্য। ভাৰতীয় জাতীয় পতাকাখনৰ মান মৰ্য্যদা অক্ষুণ্ণ ৰাখিবলৈ আমি সংকল্পবদ্ধ হোৱা উচিত।



বিঃদ্ৰঃ লেখা বোৰ পঢ়ি ভাল পালে মন্তব্য আৰু আন ব্যাক্তিলৈ আগবঢ়াই দি উৎসাহিত কৰিব বুলি আশা কৰিলো।