03 July 2022

PAN CARD STATUS ক লৈ জাননী আৰু সুধৰণি

 



Pan card কি আৰু কিয় দৰকাৰী?

Pan status


     Pan card status ৰ বিযষয়ে জনাৰ আগতেই Pan card কি জানিব লাগিব । Pan card খন এখন চৰকাৰৰ ফালৰ পৰা পোৱা পৰিচয় পত্ৰ। Pan card ৰ সম্পূৰ্ণ নাম হ'ল Permanent Account Number । Permanent Account Number ত আখৰ আৰু সংখ্যাৰে ১০টা নম্বৰ থাকে। ১০ টা নম্বৰৰ ৫ টা আখৰ আৰু ৫ টা সংখ্যা থাকে।



Pan card ত থকা নম্বৰৰ গুৰুত্ব

     Pan card ত থকা নম্বৰ কেইটাৰ গুৰুত্ব বেলেগ বেলেগ। প্ৰতিটো আখৰ বা সংখ্যা ই pan card খনৰ ব্যাক্তি বিশেষ গুৰুত্ব প্ৰদান কৰে। 


     প্ৰথমৰ পৰা তৃতীয় আখৰকেইটা A ৰ পৰা Z লৈ সাধাৰণ ভাৱে থাকে। Pan card ত থকা এই নম্বৰ কেইটা তিনিটা আখৰ মিলি AGT, BTK, ARN ইত্যাদি ধৰণৰ হ'ব পাৰে।


     চতুৰ্থ আখৰটোৱে বহু কেইটা দিশত চিনাকি দিয়ে যদিও সাধাৰণতে P আখৰটো প্ৰায়ে দেখা যায়। এই আখৰটোৱে pan card খনৰ স্থিতিৰ বিষয়ে বুজাই। সচৰাচৰ দেখা P আখৰটোৱে Person বুজাই। আনহাতে A থাকিলে Association of Persons বুজাই, B থাকিলে Body of Individuals বুজাই, C থাকলে Company বুজাই, F থাকিলে Firm বুজাই, G থাকিলে Government বুজাই, H থাকিলে Hindu Undivided Family বুজাই, L থাকিলে Local Authority বুজাই, J থাকিলে Artificial Juridical Person বুজাই আৰু T থাকিলে Trust বুজাই।



     পঞ্চম আখৰটোৱে pan card person জনৰ উপাধিৰ প্ৰথম আখৰটো হয়। আনহাতে pan card খনৰ যদি government , organization, trust, company আদিৰ হ'লে নামৰ প্ৰথম আখৰ থাকে।


     ষষ্ঠ আখৰৰ পৰা নৱম আখৰ লৈ ১ ৰ পৰা ৯ লৈ যি কোনো সংখ্যা হ'ব পাৰে।


      দশম আখৰটোৱে Pan Card ত থকা ৯ টা আখৰ বা সংখ্যাৰ সমষ্টিটোক আবৰি লৈ ১০টা সংখ্যাৰে এটা pan card নম্বৰ সৃষ্টি কৰে।



Pan card status ক লৈ জাননী আৰু সুধৰণি। 


      অৰ্থনৈতিক হওঁক বা আন কোনো কাৰণতেই হওক pan card খন ব্যবহাৰ কৰা অনিবাৰ্য হৈ পৰিছে। সেয়েহে Pan card খন সাধাৰণ জনগণৰ দৰকাৰী ও গুৰুত্বপূৰ্ণ প্ৰমাণ পত্ৰ হৈ পৰিছে। Pan card ত যদি কোনো ভূল বা ক্ৰুতি থাকে পিছলৈ ডাঙৰ বিপদত পৰিব পাৰে। আৰু জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে। কিছুমান ভুলত Pan card খন বন্ধ বা block কৰি দিব পাৰে । Pan card সাধাৰণতে অৰ্থনৈতিক দিশত ব্যবহাৰ হয় যদিও নিজৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। Pan card মূলতঃ TDS ৰ কাৰণে দৰকাৰ।



Pan card ৰ ভুল আৰু জৰিমনা

     চৰকাৰী হওঁক বা বেচৰকাৰী হওক pan card ৰ ব্যবহাৰ অৰ্থনৈতিক কাৰণত আৰু পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। বহু‌লোকৰ স্ব-ইচ্ছাই বা অজানিতে এজন লোকৰ দুখন বা ততোধিক pan card থকা দেখা যায়। আইনৰ দৃষ্টিত ই এটা অপৰাধ। এজন লোকৰ নামৰ বিপৰীতে এখন pan card থাকিব পাৰে। এখনকৈ বেছি pan card এজন লোকৰ নামত থাকিলে ১০০০০.০০টকা জৰিমনা ভৰিব লগা হয় আৰু শাস্তিৰ সন্মুখীন ও হয়। Pan card আৰু Aadhar card ৩০ মাৰ্চ ২০২২ পৰ্যন্ত বিনামূলীয়াকৈ সংযোগ কৰিব পাৰিছিল। ৩০ মাৰ্চ ২০২২ ৰ পিছত ৩০ জুন ২০২২ পৰ্যন্ত Pan card আৰু Aadhar card সংযোগ কৰিবলৈ ৫০০.০০ টকা জৰিমনা ভৰিব লগা হৈছে। আৰু ৩০ জুন ২০২২ পৰা Pan card আৰু Aadhar card সংযোগ কৰিবলৈ ১০০০.০০ টকা জৰিমনা ভৰিব লাগিব। Pan card আৰু Aadhar card সংযোগ কৰাটো বাধ্যতামূলক। Pan card আৰু Aadhar card সংযোগ নকৰিলে অৰ্থনৈতিক দিশত আৰু চৰকাৰী একো কাম কৰিব নোৱাৰিব।



Pan card সুধৰনি কেনেকৈ কৰিব ?

     Pan card সুধৰনি কৰিব লগা কেতিয়া হয় ? এজন লোকৰ কিছুমান তথ্য সম্পূৰ্ণ শুদ্ধকৈ দিব লাগে। যদি কোনো কাৰণত ভুল হৈ যায় পিছত হ'লেও শুদ্ধ কৰি ল'ব লাগে। কেতিয়াবা নামৰ ভুল, কেতিয়াবা জন্মৰ তাৰিখ আৰু কেতিয়াবা মাক-দেউতাকৰ নাম ভুল হোৱা দেখা যায়। প্ৰথম আবেদনৰ সময়ত সতৰ্কতাৰে প্ৰপত্ৰ পুৰণ কৰিলে ভুল হোৱাৰ আশা কম থাকে। Pan card ৰ যি কোনো ভুল বা হেৰাই যোৱা pan card নতুনকৈ পাবলৈ আয়কৰ বিভাগৰ অফিচিয়েল website ত গৈ এখন প্ৰপত্ৰ download কৰি বা অনলাইন ও সমস্যাৰ সঠিক বিষয় বাচনি কৰি শুদ্ধকৈ পুৰণ কৰি প্ৰপত্ৰ দাখিল কৰিলে হ'ল। অফলাইন ত download কৰা প্ৰপত্ৰ খন পুৰণ কৰি আয়কৰ বিভাগৰ অফিচত জমা কৰিলে হ'ল। এখনকৈ বেছি pan card থাকিলে সংশোধনৰ লগতে আন pan card বোৰ জমা দিব লাগিব।




Pan card বা আয়কৰ বিভাগৰ কিছুমান নিৰ্দিষ্ট নিয়মৰ সাল-সলনি কৰা হৈছে ১ জুলাই ২০২২ ৰ পৰা।

 





 


পঢ়ি ভাল লাগিলে আন পৃষ্ঠা কেইটাও পঢ়িব লগতে আনকো পঢ়িবলৈ সুযোগ দিব।