22 July 2022

দ্ৰৌপদী মুৰ্মুৰ চমু পৰিচয় A brief introduction to Draupadi Murmu

 







     দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাত ১৯৫৮ চনৰ ২০ জুনত জন্ম গ্ৰহণ কৰিছিল। দ্ৰৌপদী মুৰ্মুৰ দেউতাকৰ নাম আছিল বীৰাঞ্চি নাৰায়ণ টুডু। দ্ৰৌপদী মুৰ্মু ৰামা দেৱী মহিলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। দ্ৰৌপদী মুৰ্মু শ্যাম চৰণ মুৰ্মুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দ্ৰৌপদী মুৰ্মুৰ দুজন ল'ৰা সন্তান আৰু এজনী কন্যা সন্তান আছিল যদিও ল'ৰা সন্তান দুটি মৃত। ২০১৪ চনত দ্ৰৌপদী মুৰ্মুৰ গিৰিয়েক শ্যাম চৰণ মুৰ্মুৰ ও মৃত্যু হয়।




    দ্ৰৌপদী মুৰ্মু ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে ৰাইৰাংপুৰৰ শ্ৰী ঔৰবিন্দো অখণ্ড শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত সহকাৰী অধ্যাপিকা হিচাপে শিক্ষাদান কৰিছিল। লগতে জলসিঞ্চন বিভাগত কনিষ্ঠ সহায়ক হিচাপেও কাম কৰিছিল। 




    দ্ৰৌপদী মুৰ্মু ২০০২ চনত উৰিষ্যাৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১৫ চনৰ পৰা ২০২১ চনলৈ দ্ৰৌপদী মুৰ্মুৱে ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। দ্ৰৌপদী মুৰ্মু ৬ বছৰীয়া কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰ বিজেপিৰ ক্ষমতাত আছিল।




    ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) ৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। আনহাতে বিৰোধী দলসমূহে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে যশৱন্ত সিনহাক মনোনীত কৰে। দ্ৰৌপদী মুৰ্মুৰ প্ৰচেষ্টাত বিৰোধী দল জে এম এম, বি এছ পি, এছ এছ আদিও তেওঁৰ প্ৰাৰ্থীত্বক সমৰ্থন আগবঢ়ায়। ২০২২ চনৰ ২১জুলাইত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ৬৪.০৩% ভোটৰে যশৱন্ত সিনহাক পৰাস্ত কৰে।


   




উৰিষ্যাৰ পৰা অহা ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে ২০২২ চনৰ ২৫ জুলাইত চিজেআই এনভি ৰমনা ডাঙৰীয়াই সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত শপত গ্ৰহণ কৰাব। প্ৰতিভা পাটিলৰ পিছত দ্ৰৌপদী মুৰ্মু দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু ১৯৪৭ চনৰ পৰা এই পদত নিৰ্বাচিত হোৱা সকলৰ ভিতৰত আটাইতকৈ কম বয়সৰ ৰাষ্ট্ৰপতি।