29 July 2022

সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট: যোগ্যতা, সুতৰ হাৰ আৰু কৰ

 




সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ পৰিচয় :

 

    সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনি হৈছে এটা "সঞ্চয়" কৰা আঁচনি। ছোৱালী সন্তানৰ ভবিষ্যতৰ সুবিধাৰ্থে চৰকাৰে আৰম্ভ কৰা আঁচনি খনেই “বেটী বচাও, বেটী পঢ়াও” আঁচনিৰ এটা অংশ। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনি ১০ বছৰৰ তলৰ ছোৱালী সন্তানৰ অভিভাৱকে এই আঁচনিৰ অধীনত ছোৱালী সন্তানৰ একাউণ্ট খুলিব পাৰে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টটো বেংক আৰু ডাকঘৰত খুলিব পাৰে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টটো ১৮ বছৰ বা তাতোধিক ২১ বছৰলৈ বা বিয়া হোৱালৈকে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টটো চলাব পাৰে।



সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ যোগ্যতা :


    সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট কেৱল আইনীভাৱে অভিভাৱক সকলে ছোৱালী সন্তানৰ বাবেহে খুলিব পাৰে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট খোলাৰ সময়ত ছোৱালী জনীৰ বয়স সৰ্বাধিক ১০ বছৰৰ কম হ'ব লাগিব। এজন অভিভাৱক বা এটা পৰিয়ালৰ মাত্ৰ দুটা সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট খুলিব পাৰিব । এজনী ছোৱালী সন্তানৰ বাবে এটাহে একাউণ্ট খুলিব পাৰিব। দুজনী ছোৱালী থাকিলে দুটা সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট খুলিব পাৰিব। 

 

    কিছুমান ক্ষেত্ৰত দুটাতকৈ অধিক সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট খুলিব পাৰে । যদি প্ৰথম সন্তানটি ছোৱালী আৰু পিছৰ সন্তান যমজ ছোৱালীৰ জন্ম হয় তেতিয়া এজন অভিভাৱক বা এটা পৰিয়ালৰ তিনিটা সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ একাউণ্ট খুলিব পাৰে।

 

সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত ধন জমা কৰাৰ নিয়ম :


     সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত অভিভাৱকে বছৰত অতি কমেও ২৫০ টকা জমা কৰাটো বাধ্যতামূলক। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট খোলাৰ তাৰিখৰ পৰা ১৫ বছৰলৈ প্ৰতি বছৰে কমেও নূন্যতম ধনৰাশি একাউণ্টত জমা কৰিব লাগিব। এটা সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত অভিভাৱকে বছৰত সৰ্বোচ্চ ১.৫ লাখ টকা জমা কৰিব পাৰে। যদি সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট এটাত নূন্যতম ধনৰাশি খিনি জমা কৰিব নোৱাৰে বা জমা নকৰে তেনেহলে উক্ত একাউণ্টটো ‘ডিফল্ট একাউণ্ট’ হিচাপে চিনাক্ত কৰে। ‘ডিফল্ট একাউণ্ট’ হিচাপে চিনাক্ত হোৱাৰ পিছতও কিন্তু মেচিউৰিটিৰ সময়লৈকে একাউণ্টটোৰ জমা ধনৰাশিৰ ওপৰত প্ৰযোজ্য সুত জমা হৈ গৈ থাকিব। অৱশ্যে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ ‘ডিফল্ট একাউণ্টটো' ১৫ বছৰ সম্পূৰ্ণ হোৱাৰ আগতে ৫০ টকাৰ জৰিমণা ভৰি পুনৰ একাউণ্টটো জীবিত কৰি লব পাৰে। 



 সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ সময়সীমা :

 

     সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট জন্মগ্ৰহণ হোৱাৰ পিছৰ পৰা ১০ বছৰৰ ভিতৰত খুলিব লাগে। ছোৱালী সন্তানৰ বয়স ২১ বছৰ নোহোৱা পৰ্যন্ত এই ধনৰাশিৰ মেচিউৰিটি নহয় । কিন্তু ছোৱালী জনীৰ যদি ১৮ বছৰ হোৱাৰ পিছত বিয়াৰ খৰচৰ বাবে একাউণ্ট বন্ধ বা আগমন ল'ব পৰাকৈ সুবিধা আছে। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত একাউণ্টত থকা ধনৰাশিৰ ৫০% উচ্চ শিক্ষাৰ বাবে আগধন ল'ব পাৰে ।  



সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টৰ লাভ :


    সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিখনে 'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ আধিনত ছোৱালী সন্তানৰ ভবিষ্যতৰ ওপৰত গুৰুত্ব ৰাখি বহু সুবিধা প্ৰদান কৰে। চৰকাৰী ভাবে ধন সঞ্চয় কৰা আচনিবোৰৰ ভিতৰত 'সুকন্যা সমৃদ্ধি যোজনা' (SSY) আঁচনিখন উন্নত। এই সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনি খনৰ সুতৰ হাৰ অধিক হোৱাৰ কাৰণে লাৰ অংশও বেছি হয়। এই সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনি খনে ২০২২-২৩ বিত্তীয় বৰ্ষৰত ৭.৬% হাৰত সুত প্ৰদান কৰিছে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিখন চৰকাৰী আঁচনি হোৱাৰ কাৰণে এই আচঁনিত ধন বিনিয়োগ কৰাত ভয় কৰিব লগীয়া একো নাথাকে। চৰকাৰী কৰ ৮০চি ৰ আধিনত বছৰি ৫ লাখ টকা ৰেহাই আছে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত বছৰি নৃন্যতম ২৫০ টকা হোৱা হেতুকে অভিভাৱকে সুবিধা অনুযায়ী জমা কৰিব পাৰে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিখনে বছৰি ৭.৬% সহাৰত সুত দিয়ে যদিও বছৰৰ শেষত পোৱা সুতৰ ওপৰত পিছৰ বছৰত চক্ৰবৃদ্ধি সুত যোগ হয়। সেয়েহে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত কম ধন বিনিয়োগ কৰি অধিক লাভ কৰিব পাৰে।

 

 

 সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টৰ সালসলনি আৰু বন্ধ কৰাৰ নিয়ম :

 

    সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট দেশৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰ কৰিব পাৰে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট থকা ছোৱালী জনী প্ৰাপ্তবয়স্ক বা ১৮ বছৰ হ'লে নিজে সকলো নথি পত্ৰ জমা কৰি একাউণ্টটো চলাব পাৰে। ওপৰত কোৱা হৈছে যে ছোৱালী জনীৰ ১৮ বছৰ বয়স হোৱাৰ পিছত একাউণ্টটো বিয়াৰ খৰচৰ বাবে বন্ধ কৰিব পাৰে। ইয়াৰ উপৰিও কিছুমান ক্ষেত্ৰত একাউণ্ট বন্ধ কৰি ধনৰাশি উলিয়ায় ল'ব পৰা সুবিধা আছে। যেনে যদি দুৰ্ভাগ্যবশতঃ ছোৱালী জনীৰ মৃত্যু হয় অভিভাৱকে একাউণ্ট বন্ধ কৰিব পাৰে। কেতিয়াবা আৰ্থিক সংকটত পৰিলেও একাউণ্ট বন্ধ কৰিব পাৰে। আৰু চিকিৎসা জৰুৰীকালীন অৱস্থাত ও একাউণ্ট বন্ধ কৰিব পাৰে। বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট বন্ধ কৰিব নোৱাৰিব। বিভাগীয় কৰ্তৃপক্ষই সকলো নথি পত্ৰ পৰিক্ষা কৰি অনুমতি প্ৰদান কৰে।




 



সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত কেনেকৈ একাউণ্ট খুলিব :


    ওচৰৰ ডাকঘৰ বা যিকোনো বেংকৰ শাখাৰ জৰিয়তে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত একাউণ্ট খুলিব পাৰে। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট খুলিবলৈ পাছপ’ৰ্ট, আধাৰ কাৰ্ড, পেন কাৰ্ড লগতে এখন আবেদন পত্ৰ আৰু চেক বা ড্ৰাফ্ট প্ৰথম অৱস্থাত জমা দিব লাগিব। সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিত নতুন একাউণ্টৰ বাবে আবেদন পত্ৰ ৰাজহুৱা/ব্যক্তিগত খণ্ডৰ বেংক আৰু ডাকঘৰৰ পৰা লব লাগিব। আবেদন পত্ৰখন online যোগেও ল'ব পাৰিব। আবেদন পত্ৰখনত সকলো তথ্য শুদ্ধকৈ পুৰণ কৰিব লাগে নহ'লে আবেদন পত্ৰখন অগ্ৰাহ্য হ'ব পৰে। আবেদন পত্ৰখনত অভিভাৱক আৰু ছোৱালী জনীৰ কিছুমান তথ্য আৰু নথি পত্ৰৰ লগতে চেক বা ড্ৰাফ্টৰ নম্বৰ দিব লাগে।



 

সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ সাধাৰণ হিচাব :



    ধৰা ‌হল ২০২০ চনত ছোৱালী সন্তান এজনীৰ জন্ম হয় আৰু সেই বছৰতে পিতৃ-মাতৃয়ে তাইৰ নামত SSY একাউণ্ট আৰম্ভ কৰে। এই একাউণ্টটো ২১ বছৰৰ পিছত মেচিউৰ হ’ব যেতিয়া ছোৱালী সন্তান জনীয়ে মুঠ মেচিউৰিটিৰ পৰিমাণ পাব।

 বাৰ্ষিক বিনিয়োগ = ১ লাখ টকা।

 বিনিয়োগৰ সময়সীমা=১৫ বছৰ

 ১৫ বছৰৰ শেষত বিনিয়োগ কৰা মুঠ ধনৰাশি = ১৫ লাখ টকা।

 ১ বছৰৰ বাবে সুতৰ হাৰ = ৭.৬%

 ২১ বছৰৰ শেষত সুত= ৩,১০,৪৫৪.১২ টকা।

 ২১ বছৰৰ শেষত মেচিউৰিটি মূল্য = ৪৩,৯৫,৩৮০.৯৬ টকা।

 

 




সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনি সম্পৰ্কে কিছুমান প্ৰশ্ন :


   প্ৰশ্ন:- সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টত থকা ধনৰাশিৰ ওপৰত ঋণ ল’ব পাৰিনে?

   উত্তৰ:- নোৱাৰি ।  

 

   প্ৰশ্ন:- সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট সময়ৰ আগতে বন্ধ কৰিব পাৰিনে?

   উত্তৰ:- পাৰি। ওপৰত উল্লেখিত।

 

   প্ৰশ্ন:- যদি গোতেই পৰিয়াল আন দেশলৈ গুচি যায় তেন্তে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টত বিনিয়োগ অব্যাহত ৰাখিব পাৰিনে?

   উত্তৰ:- ছোৱালী সন্তান যদি প্ৰবাসী হয় বা ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে তেনেহলে সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টটো বন্ধ কৰিব লাগিব।

 

   প্ৰশ্ন:- যদি সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্টত নূন্যতম বাৰ্ষিক জমা ধন জমা কৰিব পাহৰি যায় তেনেহলে কিমান জৰিমনা দিব লাগিব?

   উত্তৰ:- ৫০ টকা। 


   প্ৰশ্ন:- সুকন্যা সমৃদ্ধি যোজনা (SSY) আঁচনিৰ একাউণ্ট সুতৰ ওপৰত কৰ প্ৰযোজ্য?

   উত্তৰ:- নহয়।  








লেখাবোৰ পঢ়ি কেনেকুৱা পালে? পঢ়ি ভাল পালে আনকো পঢ়াৰ সুযোগ দিব । আগলৈ নিজৰ এজনলৈ পঠিয়াই দিয়ক।

             -------------------------------