10 August 2022

EPF ৰ পৰা আগধন Advance from EPF

 


    EPF হৈছে এটা চৰকাৰী আঁচনি। EPF ৰ সম্পূৰ্ণ নাম হ'ল Employees' Provident Funds। এই আচঁনি খনত কেৱল ব্যাক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলে অন্তৰ্ভুক্ত হয়। EPF ত জমা হোৱা ধন কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত উলিয়াব পাৰে আৰু পেঞ্চন হিচাপে মাহেকত নিজৰ বেংক একাউণ্টত জমা হয়। ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলৰ বাবে EPF একাউণ্ট থকাটো গুৰুত্বপূৰ্ণ। যদিও অৱসৰৰ পাছত জমা ধন ঘুৰাই পোৱা যায়, কেতিয়াবা কিছুমান বিশেষ সমস্যাত EPF ৰ জমা ধনৰ পৰা আগধন ল'ব পৰা সুবিধা আছে। 


    EPF জমা ধন ৰ পৰা আগধন পাবলৈ এতিয়া সহজ নিয়ম উপলব্ধ। COVID 19 ৰ পিছৰ পৰা নিয়মবোৰ সহজ কৰি দিছে আৰু কম সময়ৰ ভিতৰতে আগধন পোৱাত সহজ কৰিছে। কৰ্মচাৰীসকলৰ সুবিধাৰ্থে EPF ৰ জমা ধনৰ ৫০% ৰ পৰা ৯০% লৈ আগধন হিচাপে উলিয়াব পৰা হৈছে। EPF ৰ আগধন পাবলৈ এসপ্তাহৰ পৰা ১৫/২০ দিন পৰ্যন্ত লাগে। EPF ৰ পৰা আগধন পাবলৈ নথি পত্ৰ কিছুমান দৰকাৰ হয় যদিও বেছিভাগ ক্ষেত্ৰত নথি বা প্ৰমাণ পত্ৰ প্ৰয়োজন নহয়। ফৰ্মখনত ভালকৈ পূৰণ কৰিলে হৈ যায়। EPF ৰ আগধন ঘুৰাই দিব নালাগে।






    জৰুৰীকালীন আগধন


    যি কোনো মাৰত্মক ৰোগৰ চিকিৎসাৰ বাবে জৰুৰীকালীন আগধনৰ আবেদন কৰিব পাৰে। আবেদন কৰাৰ ১ ঘন্টাৰ ভিতৰত লাখ টকালৈকে আগধন পাব পাৰি। আবেদন নিজে বা ঘৰৰ অইন সদস্যই ও আবেদন কৰিব পাৰে। চৰকাৰী চিকিৎসালয়ত ভৰ্তি হ'লে কোনো নথি পত্ৰ বা বিল জমা দিব নালাগে। কিন্তু বেচৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হ'লে EPF অফিচৰ ফালৰ পৰা পৰিক্ষা কৰিহে আগধন প্ৰদান কৰে। 


    জৰুৰীকালীন আগধন লাখ টকালৈ পায় যদিও জমা ধনৰ ৭৫% ত কৈ বেছি হ'ব নোৱাৰে বা কৰ্মচাৰী জনৰ তিনি মাহৰ দৰমহাতকৈ বেছি হ'ব নোৱাৰে।






    সম্পত্তি গঢ়া



    সম্পত্তি গঢ়া বুলিলে সহজতে নিজৰ সপোনবোৰৰ বাস্তৱ ৰূপ দিয়া। এডোখৰ নিজৰ মাটি আৰু এটা ভাল ঘৰ নিৰ্মাণ কৰা সকলোৰে আশা বা সপোন। EPF ত অন্তৰ্ভুক্ত হোৱাৰ পাচ বছৰ অতিক্ৰম কৰিলে কোনো নথি পত্ৰ প্ৰয়োজন নহয়। EPF ৰ পৰা আগধন হিচাপে ২৪মাহ বা ৩৬ মাহৰ সমান পাব পাৰি।





    সম্পত্তি মেৰামতি/সম্প্ৰসাৰণ 


    ঘৰৰ মেৰামতি বা সম্প্ৰসাৰণ কৰিবলৈ EPF ৰ পৰা আগধন ল'ব পৰা সুবিধা আছে। ১২ মাহৰ দৰমহাৰ সমান আগধন পাবলৈ ঘৰ বনোৱাৰ পৰা পাচ বছৰ অতিক্ৰম কৰিব লাগে আৰু কোনো নথি পত্ৰ ও জমা কৰিব নালাগে।





    Home loan 


    EPF ৰ পৰা ঘৰ বনাবলৈ Home loan ৰ ব্যবস্থা আছে। এজন কৰ্মচাৰীয়ে তেওঁৰ কাৰ্যকাল ১০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ৩৬ মাহৰ দৰমহাৰ সমান পাব পাৰে। Home loan ল'বলৈ হ'লে কিছুমান নথি পত্ৰৰ প্ৰয়োজন হয়।





    কোম্পানী বন্ধ হ'লে



    EPF ত জমা হোৱা ধনৰ লগতে সুতসহ যিকোনো সময়ত উলিয়াই ল'ব পাৰে। যদিহে কোম্পানীয়ে কোনো ক্ষতি পূৰণ নিদিয়াকৈ ১৫ দিন বা তাতোকৈ বেছি সময় বন্ধ থাকে তেনেহলে সম্পূৰ্ণ টকা উলিয়ায় ল'ব পাৰে। তাৰ কাৰণে কোম্পানীৰ ফালৰপৰা এখন প্ৰমাণ পত্ৰ লৈ জমা কৰিব লাগে।






    নিবনুৱা হ'লে


    এজন কৰ্মচাৰীয়ে যিকোনো কাৰণতেই হওক ২ মাহ বা ততোধিক সময় নিবনুৱা হৈ থাকিলে সম্পূৰ্ণ EPF ত জমা ধনৰ লগতে সুতসহ চাকৰি আৰম্ভণি কৰাৰ পিছৰ পৰাই যি কোনো সময়ত উলিয়াই ল'ব পাৰে। প্ৰমাণ পত্ৰ হিচাপে কোম্পানীৰ ফালৰপৰা পৰাই প্ৰদান কৰে।







    চাকৰিৰ পৰা বৰ্খাস্ত


    এটা কোম্পানীৰ পৰা যি কোনো কাৰণত বৰ্খাস্ত হ'লে যদি আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে আদালতত বিচাৰ চলি থাকে, তেনেহলে আদালতত আবেদন কৰা দৰ্খাস্তৰ প্ৰতিলিপি জমা কৰি যি কোনো সময়ত EPF ৰ জমা ধনৰ ৫০% সুতসহ পাব পাৰে।







    ঘৰুৱা সমস্যা


    এজন কৰ্মচাৰীয়ে নিজৰ বা পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে যি কোনো সময়ত ৬ মাহৰ দৰমহাৰ সমতুল্যকৈ চাকৰি কৰাৰ পিছৰ পৰাই কোম্পানী আৰু চিকিৎসকৰ প্ৰমাণ পত্ৰ জমা কৰি এই সুবিধা লাভ কৰিব পাৰে।

    আনহাতে নিজৰ বা পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ খৰচৰ বাবে ৭ বছৰ চাকৰি কৰাৰ সীমা অতিক্ৰম কৰি কোনো নথি পত্ৰ নোহোৱাকৈ EPF ৰ জমা ধনৰ পৰা ৫০% আগধন ল'ব পাৰে।






    শিক্ষা


    কৰ্মচাৰী এজনে নিজৰ ল'ৰা বা ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে HSLC পৰীক্ষাৰ পিছত EPF ৰ জমা ধনৰ পৰা আগধন হিচাপে ৫০% সুতসহ ল'ব পাৰে। শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে পাঠদানৰ খৰছ আনুমানিক হিচাপে উল্লেখ কৰি দিয়া প্ৰমাণ পত্ৰ খন জমা কৰিব লাগে। কৰ্মচাৰীয়ে ৭ বছৰ EPF ৰ অংশীদাৰ হোৱাৰ পিছত আবেদন কৰিব পাৰে।


    EPF ৰ পৰা আগধন পাবলৈ বহত কাৰণ থাকিব পাৰে। ওপৰত উল্লেখ কৰা কাৰণ সমূহৰ বাহিৰেও কেতিয়াবা কিছুমান বিশেষ কাৰণত EPF ৰ পৰা আগধন ল'ব পাৰি।






    EPF ৰ আবেদন প্ৰক্ৰিয়া


    EPF ৰ জমা ধন উলিয়াবলৈ কেইবাখনো ফৰ্ম পোৱা যায়। অনলাইন হওক বা অফলাইন হওক একেখন ফৰ্ম পূৰ্ণ কৰিব লাগে। উপলব্ধ ফৰ্মবোৰৰ ভিতৰত ফৰ্ম ৩১, ফৰ্ম ১৯, ফৰ্ম ১০চি আৰু ফৰ্ম ১০ ডি । এই সকলোবোৰ ফৰ্ম বেলেগ বেলেগ আবেদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আমি আগধন পোৱাৰ বিষয়ে আলোচনা কৰি আছোঁ। গতিকে আগধনৰ ক্ষেত্ৰত ফৰ্ম ৩১ ৰ পূৰণ কৰিব লাগিব। এই ফৰ্ম ৩১ EPF ৰ অফিচত অফলাইন হিচাপে পোৱা যায়। আৰু অনলাইন আবেদন কৰিবলৈ হলে আগতে কৰ্মচাৰী জনৰ পৰিয়ালৰ সদস্যৰ নাম, নিজৰ PAN কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ আৰু বেংক একাউণ্টত সংযোজন বা লিংক কৰি ল'ব লাগে।






    অনলাইন আবেদন


    EPF ৰ আগধনৰ বাবে আবেদন কৰিবলৈ এতিয়া অফলাইনতকৈ অনলাইন সেৱা সুবিধাজনক হৈ পৰিছে। কম্পিউটাৰ বা মোবাইলত UAN Login ‌কৰি লৈ Online services বুটামটোত সোমাই আছে ফৰ্ম ৩১ বা আন ফৰ্মবোৰ। তাত online Claim বাচনি কৰি EPF Advance বাচনি কৰাৰ লগেলগে ফৰ্ম ৩১ খোল খোৱাৰ পাছত আপোনাক কিমান ধনৰ প্ৰয়োজন দিব লাগে। তাৰ পিছত বেংক একাউণ্টত পৰীক্ষা কৰি ল'ব লাগে। তাৰ পিছত আধাৰ লিংক থকা মোবাইল নম্বৰত এটা OTP আহিব। OTP টো যথাস্থানত বহুৱাই দিব লাগে।






    মনত ৰাখিব লগীয়া


    EPF ৰ যি কোনো আবেদন কৰিবলৈ আগতীয়াকৈ UAN Active কৰি কৰ্মচাৰী জনৰ পৰিয়ালৰ সদস্যৰ নাম, নিজৰ PAN কাৰ্ড নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, মোবাইল নম্বৰ আৰু বেংক একাউণ্টত Update কৰি ল'ব লাগে। তাৰ পিছত EPF ৰ আবেদন কৰিব লাগে। EPF যি কোনো Claim বা আবেদনৰ কাৰণে কোনো ধৰণৰ মাছুল পৰিশোধ কৰিব নালাগে।