21 August 2022

আকাশত উৰিব বাহন Vehicles will fly in the sky

 আকাশত উৰিব বাহন





    বজাৰলৈ আহিব উৰণীয়া বাহন। বহুবছৰ অপেক্ষাৰ অন্তত পেট্ৰলিয়াম, চিএনজি আৰু বৈদ্যুতিক বাহনৰ পিছত এতিয়া বজাৰত ঊপলব্ধ হ'ব উৰণীয়া বাহন। সপোন সপোন যেন লগা উৰণীয়া বাহন ১৪ বছৰ গবেষণা কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত Slovakia ত প্ৰথমে উৰণীয়া বাহন উৰুৱাই এক ঐতিহাসিক বাহনৰ নিৰ্মাণ কৰি উলিয়ায়। পৃথিৱীৰ প্ৰথম ঐতিহাসিক উৰণীয়া বাহনখন এয়াৰকাৰ নামৰ কোম্পানী এটাই আবিষ্কাৰ কৰি উলিয়ায়।




    আমেৰিকা যুক্তৰাষ্ট্ৰত উপলব্ধ হ'ব লগা উৰণীয়া বাহন খন ৩ মিনিটত উৰণীয়া বাহনলৈ ৰূপান্তৰ হয়। এই বাহন খনে ২ কুইন্টললৈ সহজে ওজন বহন কৰিব পাৰে। উৰণীয়া বাহন খন ঘণ্টাত ১৭০ কিলোমিটাৰ যাব পাৰে যদিও কোম্পানীয়ে ইয়াৰ গতিবেগ দুগুণ কৰাৰ চেষ্টা কৰি আছে।





    উৰণীয়া বাহন খনত ১৬০ হৰ্চ পাৱাৰৰ BMW ৰ ইঞ্জিন লগোৱা হৈছে। এয়ৰকাৰ কোম্পানীৰ তথ্য অনুসৰি এই বাহন খন উৰিবলগীয়া বাহন হোৱা হেতুকে ইঞ্জিন মজবুত দিয়ে আৰু সাধাৰণ পেট্ৰলেৰে চলাব পৰা যাব। এবাৰ তেলৰ টেংকি ভালে ৮২০০ ফুট ওপৰত আৰু ১০০০ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে।





    উৰণীয়া বাহনৰ আবিষ্কাৰৰ ফলত চহৰৰ ৰাষ্টাত হোৱা যানজত কিছুপৰিমানে হ্ৰাস পাব। উৰণীয়া বাহন খন চলাবলৈ হঠাতে ৰাষ্টাৰ পৰা চলাব নোৱাৰে। এই বাহনখন উৰিবলৈ আৰু ৰখাবলৈ এয়াৰপোৰ্টৰ প্ৰয়োজন হয়। উৰণীয়া বাহন খনৰ তিনটা চকাৰে সজ্জিত চালকৰ লগত এজন আৰোহীৰ ঠাই সংলগ্ন কৰা হৈছে।





    আমাৰ ভাৰতবৰ্ষত এনেকুৱা উৰণীয়া বাহন উপলব্ধ হ'বলৈ বহু সময় অপেক্ষা কৰিব লাগিব। 





পঢ়ি ভাল পালে মন্তব্য আগবঢ়ায় share কৰি দিব।