04 August 2022

৭৫ তম‌ স্বাধীনতা দিৱস (Independence Day)

 


    ৭৫ তম স্বাধীনতা দিৱস

LALKILA



    ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উদযাপন কৰা হয়। দিল্লীত অৱস্থিত লালকিল্লাৰ লাহোৰী গেটৰ ওপৰত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে। ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰে ২০২২ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱত উদযাপন কৰা হ'ব। দিল্লীত অৱস্থিত লালকিল্লাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পতাকা উত্তোলন কৰিব।





    স্বাধীনতা দিৱসত স্বাধীনতা সংগ্ৰামী, শ্বহীদ বীৰ সেনাবাহিনী, যি সকলে দেশৰ সুৰক্ষাৰ কাৰণে দিন ৰাতি একাকাৰ কৰি আছে, গোতেই বীৰঙ্গনা সকলক সন্মান সহকাৰে প্ৰশংসা আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। স্বাধীনতা দিৱসৰ দিনা ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলনৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। চৰকাৰী ভাবে স্বাধীনতা দিৱস উদযাপনৰ বিশাল আয়োজন কৰা হয় আৰু তাত পতাকা উত্তোলনৰ লগতে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন, সেনাবাহিনীৰ পেৰেড, আতচবাজী, দেশপ্ৰেমমূলক গীত আদি পৰিবেশন কৰা হয়।






    ভাৰত স্বাধীন হোৱাৰ আগত স্বাধীনতা দিৱস


    বৃটিছ চৰকাৰে সাৰ্বভৌমত্ব হস্তান্তৰ কৰাৰ আগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত ১৯২৯ চনত ভাৰতৰ স্বাধীনতা ঘোষণা জাৰি কৰে যদিও ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনা স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতীয় নাগৰিকৰ মাজত জাতীয়তাবাদৰ চিন্তাধাৰা অক্ষুণ্ণ ৰাখিবলৈ আৰু বৃটিছ চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা লাভ নকৰালৈ কংগ্ৰেছে মাজে মাজে স্বাধীনতা দিৱস পালন কৰিবলৈ আহ্বান জনাইছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্মজীৱনীত প্ৰকাশ কৰা মতে ১৯৪৬ চনলৈ স্বাধীনতা দিৱস উদযাপন কৰা সভাত উপস্থিত থকা লোকসকলে স্বাধীনতাৰ প্ৰতিজ্ঞা কৰিছিল। উক্ত সভাত কোনো ধৰণৰ ভাষণ বা উপদেশ দিয়া হোৱা নাছিল। সভা সমূহ শান্তিপূৰ্ণ আৰু গভীৰ আছিল। মহাত্মা গান্ধীৰ কল্পনা কৰিছিল উক্ত সভাত কিছুমান গঠনমূলক কাম হওক , সকলোৱে ঘূৰণীয়া আকৃতিৰে নেদেখা জনক সেৱা কৰক, হিন্দু মুছলমান একলগ হওক ইত্যাদি। ১৯৪৬ চনৰ পিছত ১৯৪৭ চনত স্বাধীনতা পোৱাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।




 



    সাৰ্বভৌমত্ব হস্তান্তৰ


    ১৯৪৭ চনত ভাৰতীয় স্বাধীনতা আইন অহাৰ পিছত বৃটিছৰ পৰা স্বাধীন হোৱাৰ স্মৃতিত ১৫ আগষ্টৰ দিনতো বন্ধৰ দিন হিচাপে লৈ স্বাধীনতা দিৱস উদযাপন কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ সম্পূৰ্ণ স্বাধীনতা আৰু সাৰ্বভৌমত্ব হস্তান্তৰ কৰে। 



 



    ভাৰত বিভাজন


    বৃটিছ চৰকাৰে বৃহত্তৰ ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰাৰ অভিপ্ৰায় ৰচনা কৰিছিল ১৯৪৭ চনৰ ৩ জুনত । ধৰ্মীয় আবেগেৰে ভাৰতক ভাৰত আৰু পাকিস্তান নামেৰে স্বাধীনতা প্ৰদান কৰে আৰু দুই ৰাজ্যৰ উত্তৰাধিকাৰীক ক্ষমতা প্ৰদান কৰে। বিভাজনৰ ফলত হিংসাত্মক ঘটনা ঘটনা আৰু গণ হত্যা আৰু ১.৫ কোটি লোকে ধৰ্মীয় হিংসাৰ বাবে নিজৰ বাসস্থান খেতি পথাৰ এৰি পলায়ন কৰিবলগীয়া হৈছিল। 






    হৰ ঘৰ ত্ৰিৰঙ্গা


    'হৰ ঘৰ ত্ৰিৰঙ্গা’ কাৰ্যসূচীৰ আধিনত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰ হোৱা হেতুকে ২০২২ চনৰ ১৫ আগষ্টত স্বাধীনতাৰ অমৃত মহোৎসৱত জনসাধাৰণক ঘৰত পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰাৰ লগতে ভাৰতীয় জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ অনুভূতি অধিক গাঢ় কৰি তোলা আৰু ভাৰতীয় জাতীয় পতাকা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাটোৱেই হৈছে এই কাৰ্যসূচীৰ মুল পদক্ষেপ ।