01 September 2022

শিক্ষক দিৱস Teacher's Day

 

শিক্ষক দিৱস




    সমাজ এখনৰ গুৰুদায়িত্ব আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক হিচাপে শিক্ষক সকলৰ বিশেষ স্থান আছে। শিক্ষক দিৱস এটা এনেকুৱা দিন যি দিনত গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা আৰু বিশ্বাসৰ প্ৰতিফলত ভাৰতবৰ্ষৰ সকলো সৰু ডাঙৰ স্কুল, বিদ্যালয়, মহাবিদ্যালয় আৰু আন আন শিক্ষাৰ লগত জৰিত সকলো ছাত্ৰ ছাত্ৰীয়ে এই দিৱস উদযাপন কৰে। শিক্ষক দিৱসৰ দিনা শিক্ষক সকলক শ্ৰদ্ধাৰে বা সন্মান সহকাৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষক সমাজ প্ৰসংশাত নানান ধৰণৰ খেল ধেমালি, ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰে। শিক্ষক দিৱস প্ৰতি বছৰে ইংৰাজী মাহৰ ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হয়।





শিক্ষক দিৱস কেতিয়া আৰু কিয় পালন কৰা হয়? 


    ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ মাহত তামিলনাডুৰ তিৰুমণি গাঁৱৰ এটা ব্ৰাহ্মণ পৰিয়ালত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। স্বাধীন ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণ মত পোষণ কৰিছিল যে তেখেতৰ জন্ম দিনটো জন্মদিৱস হিচাপে পালন নকৰি তেখেতৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাইছিল। সৰুৰে পৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণই কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত আছিল। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণ ৰাষ্ট্ৰপতি হিচাপে ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৪ চনত নিজেই ৰাষ্ট্ৰপতি হোৱাৰ আগতে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণ ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। প্ৰথম বাৰৰ বাবে ১৯৬২ চনৰ ৫ ছেপ্টেম্বৰত ভাৰতত শিক্ষক দিৱস পালন কৰা হৈছিল। ১৯৭৫ চনৰ ১৭ এপ্ৰিলত চেন্নাইত মৃত্যু হয় ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ।  




    পৃথিৱীৰ বহুত দেশত শিক্ষক দিৱস পালন কৰা হয় আৰু সকলো দেশতেই বেলেগ বেলেগ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। ভাৰতবৰ্ষত প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনা শিক্ষক দিৱস পালন কৰা হয় । 




     শিক্ষক দিৱস আৰু জনস্বাৰ্থ আগত ৰাখি ড° সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল “গ্ৰন্থ হৈছে সেই মাধ্যম যাৰ জৰিয়তে আমি বিভিন্ন সংস্কৃতিৰ মাজত সেতু গঢ়িবলৈ কাম কৰিব পাৰো।” আৰু কৈছিল "কেৱল নিজৰ মাজতে সত্য আৰু প্ৰাসংগিক নহয়, মানৱৰ লগতে দুটা সংস্কৃতিৰ মাজতো উন্নত সম্পৰ্ক গঢ়ি তুলিবলৈ শিক্ষা অতি প্ৰয়োজনীয়"।"শিক্ষাৰ প্ৰসাৰৰ দ্বাৰাহে এখন সমাজ বা এখন দেশ গঢ়ি উঠিব পাৰে। শিক্ষিত হোৱাটো সদায় অতি গুৰুত্বপূৰ্ণ হৈ আহিছে। শিক্ষাই উন্নত জীৱনৰ দৃষ্টিভংগীৰ ভিত্তি হিচাপে কাম কৰে। ইয়াৰ সমান্তৰালভাৱে এজন উন্নত মানুহ হোৱাৰ ক্ষেত্ৰতো শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই মানুহক দূৰদৰ্শী কৰি মানুহৰ ভিতৰৰ চিন্তাৰ প্ৰবাহক সঠিক দিশ প্ৰদান কৰাৰ দৰে প্ৰয়োজনীয় কাম কৰে, কিন্তু এয়া তেতিয়াহে সম্ভৱ যেতিয়া মানুহে সঠিক দিশ দিয়া এজন সঠিক শিক্ষক পায়। মানুহক সক্ষম কৰাৰ কামটো শিক্ষকে কৰে"।





    নিৰপেক্ষ ভাৱে জীৱনৰ সংগ্ৰাম খনৰ সন্মুখীন হ’বলৈ শিক্ষকসকলে আমাক প্ৰস্তুত কৰে। এজন ব্যক্তি শিক্ষিত হোৱাৰ উপৰিও সু-শুদ্ধ হোৱাটো অতি প্ৰয়োজনীয়। এজন ব্যক্তি সু-শুভ হয় তেতিয়াহে তেওঁ মানুহ আৰু যদি নহয় তেনেহলে পশু উপাধি দিয়া হয়। এই শৈল্যতা লাভৰ বাবেহে শিক্ষকৰ প্ৰয়োজন, শিক্ষক বা গুৰু নিৰ্দেশনাত চলিব পাৰিলে আমি উন্নত জীৱন লাভ কৰাৰ সমান্তৰালভাৱে এজন ভাল মানুহ হ’ব পাৰো।শিক্ষকসকলে আমাৰ জীৱনত পথ প্ৰদৰ্শক। শিক্ষা অবিহনে উন্নত জীৱনৰ ধাৰণাটো অসম্পূৰ্ণ আৰু শিক্ষাৰ সমান্তৰালভাৱে জীৱনত মৌলিকতা আৰু সৌজন্যতা লাভ কৰাটোও অতি প্ৰয়োজনীয়।    






     শিক্ষক দিৱস এনেদৰে উদযাপন কৰা হয় যাতে আমি আমাৰ সকলো শিক্ষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰো। শিক্ষক দিৱস উদযাপনৰ উদ্দেশ্য হৈছে আমাক উন্নত শিক্ষা প্ৰদান কৰাৰ বাবে আৰু আমাৰ ব্যক্তিত্ব গঢ়ি তোলাৰ বাবে শিক্ষক সকলক ধন্যবাদ জনোৱা। এটা জাতিৰ বিকাশ হ’ব পাৰে যেতিয়া তাৰ শিক্ষকসকল যোগ্যতাসম্পন্ন হ’ব। পৃথিৱীত সকলো শিক্ষক শ্ৰদ্ধাৰ পাত্ৰ যদিও কিছুমান শিক্ষক আছিল যিয়ে নিজৰ কৰ্মৰ জৰিয়তে ভাৰতক সফলতাৰ উচ্চতালৈ লৈ যোৱাৰ কাম কৰিছিল। উদাহৰণ স্বৰূপে ৰাজা ৰাম মোহন ৰায়, স্বামী বিবেকানন্দ, ড° ভীম ৰাও আম্বেদকাৰ, মৌলানা আব্দুল কালাম আজাদ, এ পি জে আব্দুল কালাম এনে শিক্ষক আছিল যিয়ে নিজৰ জাতি গঠনত অসীম অৱদান আগবঢ়াইছিল।